পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৬৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৮৪
অসমীয়া সাহিত্যৰ চানেকি।

অপায়ে ৰহিত,  নিৰপায়ে থিত,
সুখক দিয়ন্তা,  ওহিসে তাৰন্তা,
সেহি সে পণ্ডিত, নামতেসে চিত্ত,
কৰিয়া পিৰিত, হৰয়ে দুষিত,
বিচাৰিয়া বিধি, বেদকহু চাৰি,
ৰাম নাম ধৰ্ম্ম,  থৈলাহা উদ্ধাৰি,
যুধিষ্ঠিৰ ৰাই,   কবি ৰাজসূই,
পুচিলা কৃষ্ণত,  কোন শ্রেষ্ঠ তত্ত্ব,
তুলিয়া কিৰিটি,  সত্য কৰি ডাটি,
নাম বিনে আন,  ধর্ম্ম নাহি জান,
সমস্ত বাদীৰ,   গর্ব্ব ভৈলা চূৰ,
কৃষ্ণ বাক্যে কৈলা,  সংশয়ক দূৰ,
শুকে পুচিলন্ত,  ৰাজা মহাসন্ত,
ভাগৱত শুনি,  কি পালা আপুনি,
ইতো শাস্ত্রে প্রাণ, নেদেখিলোঁ আন,
কৃষ্ণেসে দেৱতা, নামেসে তাৰন্তা,
আত পৰে আৰ, নাহি নাহি সাৰ,
পৰীক্ষিত বাক্যে, প্রমাণ ইহাৰ,
নাম ধৰ্ম্ম তত্ত্ব, ৰৈলেক শাস্ত্ৰত,
জানিয়া নামত, শঙ্কা কৰা হত,
কলি যুগে নাম, ধৰ্ম্ম অনুপম,
ৰামক নাম, তৰণী উপাম,
ভকতক ধন, অমূল্য ৰতন,
কহে অনিৰুদ্ধে, বােলা ৰাম ৰাম,