কাম ভাৱে কেৱলে ভজিলা মাত্ৰ মোক।
এতেকে পৰম সুখে পালে মোৰ লোক॥
আন নেদেখিলো ব্ৰজ যুৱতীক সৰি।
ভৈলো বন্দি উদ্ধৱ গোপীৰ প্ৰেমজৰি॥
থাকোঁহু সখি সখি তাসম্বাৰ পাশ।
যেই বোলে সেই কৰোঁঁ যেন নিজ দাস॥
এতেকে উদ্ধৱ তুমি ছাড়া বেদ পন্থ।
জিবা জানা শুনা আবে এৰা আন গ্ৰন্থ॥
একে মোত মাত্ৰ তুমি লয়োক শৰণ।
নকৰিবা ভয় ময় কৰিবো ৰক্ষণ॥
সত্য বোলে উদ্ধৱ বান্ধৱ মোৰ সম।
মোক যেবে নজানে তেবেসে আন ধৰ্ম্ম॥
ভকতি তৰিবে তুমি স্থিৰ কৰা মতি।
লৈয়া সাধু সঙ্গ সখি সুখে সাধাগতি॥
শুনা সভাসদ পদ মহা ভাগৱত।
এহি কথা কৈলা কৃষ্ণে গীতাৰ অন্তত॥
সৰ্ব্বধৰ্ম্ম এড়ি এক শৰণ সাক্ষাত।
সুহৃদ বিশ্বাস সখি লৈয়োক আমাত॥
নাহি কিছু ভয় হেৰা কৰোঁ অঙ্গীকাৰ।
সমস্ত পাপত মঞি কৰিবো নিস্তাৰ॥
অৰ্জ্জুনত কহিলা এহিসে হৰি তত্ত্ব।
ঈশ্বৰ কৃষ্ণৰ আবে লৈয়োক সন্মত॥
বেদ ৰামায়ণ আৰু পুৰাণ ভাৰত।
হৰিকেসে কহে মাত্ৰ সমস্ত শাস্ত্ৰত॥
ইহাক নজানি আন কৰে অল্পমতি।
কদাচিত নুশুনিবা সি সবৰ মতি॥
পাতকীৰ কৰ্ম্ম আছে শুনি মৰি ঘিণে।
নাই গতি কলি যুগে হৰি নাম বিনে॥
কৃষ্ণৰ নামেসে কৰে পাতকীৰ গতি।
নামৰ মহিমা কৈলো শুনিও সম্প্ৰতি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৬৭
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
একাদশ স্কন্ধ