যেহেন প্ৰমত্ত কণ্ডৰেৰ নাও ভাসে।
সাগৰত পাইলে যেন প্ৰচণ্ড বতাসে॥
ইকূল সিকূল নপাই তল যাই মাজে।
সেহিমতে পুৰুষকো ইন্দ্ৰিযৰ কাজে॥
স্বৰ্গকো নপাই ইন্দ্ৰিয়তো নাহি আশা।
দুৰ্ঘোৰ নৰকে নিয়া কৰয়ে বাসা॥
হেন জানি দেখ আৰ ইন্দ্ৰিয়ৰ বশ।
সেহি গোটা স্থিৰপ্ৰজ্ঞ পুৰুষ আবাস॥
⸻
ঘোষা। ৰঘুনাথ জীবেৰ জীৱন ৰাম স্বামী।
কৰা পৰিত্ৰাণ ভৈলো তুয়া দাস আমি॥
পদ। যিতো জনে কৰ্ম্ম কৰে ফল পৰিহৰি।
কেৱলে ঈশ্বৰ আৰধন মাত্ৰ কৰি॥
সেহিজন জ্ঞানী হুয়া এৰাই ভয় বন্ধ।
নিৰাময় মুক্তি পায়ে পৰম সুছন্দ॥
এহিতো মুকুতি মই কেতিক্ষণে পাও।
তেবেতো বান্ধব দুখ সকলে এৰাও॥
হেন অৰ্জ্জুনৰ মনে অভিপ্ৰায় জানি।
ধেবছেদ কৰিয়া বোলন্ত পদ্মপণি॥
এহিমতে ঈশ্বৰক আৰধন্ত মনে।
তাহান প্ৰসাদে স্বত্ত্ব হয়ে যেতিক্ষণে॥
তেবেসে তোমাৰ বুদ্ধি জানা কুন্তীসুত।
অহংমম মদে হত এৰিব অসযেন্ত॥
ইন্দ্ৰ ব্ৰহ্মা মহেশ্বৰ পদ যত যত।
বন্দ কৰি নলৈবাহা কাহাকো মনত॥
বিষয়ক লাগি তেবে নযাই তাৰ মতি।
ঈশ্বৰৰ চৰণে হুইবেক এক মতি॥
মাধৱৰ বাণী শুনি শ্বেত যে বাহন।
বোলন্ত কহিয়ো স্থিৰ বুদ্ধিৰ লক্ষণ॥