ময় বিনে ভকতে নিচিন্তে কিছু জ্ঞান।
ময়ো ভকতক বিনে নজানোহো আন॥
ভকত সমান সখি মোৰ কোন আছে।
মঞি মহাভকতৰ ফুৰোঁ পাছে পাছে॥
মোৰ উদৰত আছে ব্ৰহ্মাণ্ড যতেক।
ভকতৰ ধূলা পৰি পৱিত্ৰ প্ৰত্যেক॥
এমত ভক্তৰ কথা থাকোক সম্প্ৰতি।
উত্তম ভক্তৰ কথা শুনা মহামতি॥
লোভে মোহে কামে ক্ৰোধে বিষয় আক্ৰোশ।
নোছোৱই মোৰ ভকতক একো দোষ।
সামৰ্থ ভকতি আতি একোৱে নঢাৱে।
ভকতক পালন্ত পুত্ৰক যেন মাৱে॥
ভকতিৰ মহিমাক কহি নপাওঁ সীমা।
ভকতিৰ শুনা সখি আশ্চৰ্য্য মহিমা॥
কৰে মোত ভকতি যদ্যপি দুষ্ট চিত্তে।
দহয়ে পাতক তাৰ তথাপি তৰিতে॥
একোয়ে নাৰাখে পাপ পুণ্য যত আছে।
যেন মহা বহ্ণি কাচা শুখান নবাচে॥
আন ক্ষুদ্ৰ দেৱতাত যদি নেদেমতি।
মহা দুৰাচাৰ কৰে আমাত ভকতি॥
সেহিসে পৰম সাধু জানা মহাশয়।
যিহেতু আমাক মাত্ৰ কৰিলে নিশ্চয়॥
এতেকে নোছোৱে পাপ পুণ্য কলেৱৰ।
পৰম মুকুতি পাত্ৰ হৱে সিতো নৰ॥
কুতৰ্কী পঁড়িতে যদি নমানন্ত আক।
ঢোল কোবাই উৰ্দ্ধ বান্ধ থাওক তাৰ বাক॥
দুৰাচাৰো তৰে আতি ইতো কোন চিত্ৰ।
চণ্ডালকো কৰে মোৰ ভকতি পৱিত্ৰ॥
চাৰিয়ো বেদেৰ তত্ব কৰিয়া নিশ্চয়।
অৰ্জ্জুনত গীতাত কহিলা কৃপাময়॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৬৩
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
একাদশ স্কন্ধ।