পঞ্চ তত্ত্ব নিৰঞ্জনে কৰিলা সৃজন।
ৰূপ ৰস শব্দ বিন্দু পৰশ কাৰণ॥
⸻
মথন ভৈলেসে বিন্দু অমৃত উথয়।
বিন্দু সমে ৰক্তৰাশি একত্ৰে মিলয়॥
তেজ সঞ্চে ৰূপ বাঢ়ে জানিবা নিশ্চয়।
দুগ্ধ জলে ৰস আক জানিবা নিশ্চয়॥
চাৰিৰ মাঝত শব্দ সঘনে উথয়।
আকে পঞ্চতত্ত্ব বুলি ছেদিলোঁ সংশয়॥
পঞ্চতত্ত্ব আকে বোলে পূৰ্ণ সঙ্গে ভৈলা।
জল স্থল ৰূপে প্ৰভু শূন্যতে থাকিলা॥
আপুনাৰ মুখে পাছে শব্দ উচ্ছাৰিলা।
ওঙ্কাৰ ঢঙ্কাৰ টঙ্কাৰ নাম বাজ ভৈলা॥
স্ৰজন পালন সংহাৰণ যেবে ভৈলা।
এহি মতে তিনি নাম গুণত ৰহিলা॥
সত্ব গুণে নিজ নাম ভকতে বাজ কৈলা।
শবদ স্বৰূপে প্ৰভু গায় গায় দিলা॥
ঘৰে ঘৰে ব্ৰহ্ম নাম প্ৰচাৰ কৰিবোঁ।
কোটিৰ মাঝত গোটেক বুজিয়া লইবোঁ॥
পঞ্চতত্ত্ব এক হুয়া পদ্মে ৰহি আছে।
পঞ্চতত্ত্ব এক হুয়া মেওকা ৰহি আছে॥
পঞ্চতত্ত্ব এক হুয়া কচ্ছপ ৰহিয়াছে।
পঞ্চতত্ত্ব এক হুয়া সৰ্প বহিলন্ত পাছে॥
পঞ্চতত্ত্ব এক হুয়া দিগজ ৰহি আছে।
পঞ্চতত্ত্ব এক হুয়া পৰ্ব্বত ৰহিছে॥
এহি বাৰ জন ভক্ত সচঙ্গতে আছে।
তিনি জনে সঙ্গ কৰিলন্ত পাছে॥