তাত পাছে পালে সুৰাসুৰ সিদ্ধ নাগ।
অনন্তৰে বেদক মনুষ্যে পাইলা লাগ॥
যাৰ যেন মতি কহে বেদক বাখ্যান।
নিজ অৰ্থ ভকতিক ত্যজি বুঝে আন॥
কেহো বলে বেদে কৱে যজ্ঞ ব্ৰতদান।
কতো বলে ক্ষুদ্ৰ দেৱ পূজা তীৰ্থস্নান॥
কেহো বলে বেদে কহে জ্ঞানতেসে গতি।
গুণৰ ইচ্ছায়ে বুঝে যাৰ যেন মতি॥
কতো মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ।
কৰে ধৰ্ম্ম কৰ্ম্ম পূৰ্ব পুৰুষ আচাৰ॥
লয়ে কতো তাক এৰি পাষণ্ডৰ মতি।
যায় লোক নপাৱে অধৰ্ম্ম অধোগতি॥
নছাৰে কৰ্ম্মক শোক দুঃখ প্ৰতি দিনে।
জ্ঞানত নাহিকে গতি ভকতি বিহনে॥
আনে নজানয় ইতো বেদৰ বিচাৰ।
এতেকে ভকতি পথ সকলি আমাৰ॥
ভকত জনৰ যেন সুখ বিপৰীত।
স্বপ্নতো নেদেখে তাক কৰ্ম্মী কদাচিত॥
পাইলে মোক মনত সন্তোষ অসৰিস।
ভকতৰ সুখ সখি ময় দশো দিশ॥
জানি মোক ভকত সকলে দেখে মিছা।
ইন্দ্ৰ ব্ৰহ্ম পদক নকৰে মনে ইচ্ছা॥
মুকুতি পৰম পদ তাত এড়ে দায়।
ময় বিনে ভকতৰ প্ৰিয় আন নাই। .।
ব্ৰহ্মা হৰ হৈলা উৰ্দ্ধ লক্ষ্মী প্ৰিয় জায়া।
পৰম সুন্দৰ ইতো দেখা মোৰ মায়া॥
অধিক সজাত তুমি প্ৰাণ প্ৰিয়তম।
নাহি আন বান্ধৱ উদ্ধৱ তুমি সম॥
ভকতেসে জানা মোৰ পৰম বান্ধৱ।
ভকত জনৰ ময় সুহৃদ উদ্ধৱ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৬২
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
অসমীয়া সাহিত্যৰ চানেকি।