পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
একাদশ স্কন্ধ।

ভকতি নভৈলে ভূমি যায় ৰসাতল।
মোৰ আজ্ঞা পালি কহিওক মহাবল॥
কিন্তু এতে নাথাকিবা কহিলোঁ প্ৰকটি।
মমত চিত্ত দিয়া ফুৰা পৃথিবী পৰ্য্যটি॥
যত দেখা সব মায়াময় স্বপ্নসম।
হৰিময় দেখি দূৰ কৰা মতিভ্ৰম॥
জ্ঞান কৰ্ম্ম ভকতি কহিলোঁ কৰি ভেদ।
ভকতি পৰম পথ দিলোঁ পৰিছেদ॥
নহিকে উত্তম গতি ভকতিত পৰে।
নিষ্ট কহোঁ ভকতিত মেকে বশ্যকৰে॥
হে প্ৰাণ নাথ মোক কহিয়ো বুঝাই।
ঋষি সকলৰ কিয় এক মতি নাই॥
কেহো বলে কৰ্ম্মে কেহ বলে জ্ঞানগতি।
তোমাৰ সন্মত পথ পৰম ভকতি॥
একে বেদ বাক্য কিয় মতি ভৈলা ভেদ।
কিঙ্কৰৰ কেশৱ সংশয় কৰা ছেদ॥
অনাদি ঈশ্বৰ তুমি শিৱ সৰ্ব্বজান।
পৰিছেদ দাতা তুমি বিনে নাহি আন॥
মাধৱে বোলন্ত সখি শুনিও সিদ্ধান্ত।
তুমি মোৰ মহা মিত্ৰ ভকত একান্ত॥
পূৰ্ব্বে প্ৰলয়ত নষ্ট ভৈলা বেদ বাণী।
কহিলো ব্ৰহ্মাত আমি উদ্ধাৰিয়া আনি।
বেদ যেন কৱে তাক শুনা প্ৰাণ সখি।
মায়াময় দেৱ ধৰ্ম্ম সবাক উপেক্ষি॥
কেৱলে আমাত মাত্ৰ লৈয়োক শৰণ।
হবে কৰ্ম্ম মল ত্যজি তেবেসে প্ৰসন্ন॥
মঞি বিনে বেদে কিছু আন নবাখানে।
চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে॥
মনত প্ৰথমে লক্ষি কহিলা হৰিষি।
পাছে জানিলন্ত বেদ সবে সপ্ত ঋষি॥