পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৬০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

বিষ্ণু ভাৰতী। ধ্ৰুব চবিত্ৰ। মৈত্ৰেয় বদতি শুনা কুৰুপতি যেন ভৈলা অতি পৰে। যক্ষক নিৰ্ভয় | দিলা মহাশয় হেন দেখি ধনেশ্বৰে। অতি অদভুত ধ্ৰুবৰ মহত্ত | শুনিয়া পৰম ৰঙ্গে। পুষ্পকত চড়ি | তৈকে গৈলা লৰি সিদ্ধ মুনিগণ সঙ্গে। দিব্য নব জানে | পুষ্পক বিমানে সূৰ্যতে অধিক জ্বলে। যত দেৱ ভোগ তাতে উপভোগ | মনে খোজ মানে মিলে। নানা ৰত্নময়। জলন্তে আছয় | চাহন্তে চক্ষু নভাষে। মনোজয় গতি। দিনতো নিশাতে | সমান জ্যোতি প্ৰকাশে। সিতো বিমানত গুণ আছে যত বৰ্ণাইববাহো কতকাল। তাতে থাকি বঙ্গে মুনিগণ সঙ্গে | চলি গৈলা দিগপাল॥ সিদ্ধ বিদ্যাধৰ চাৰণ কিন্নৰ চতুৰ্ভিতি স্তুতি কৰে। অখণ্ড মণ্ডল। প্ৰকাশে ধবল ছত্ৰেক ধৰি উপৰে।