দেৱৰ পৰম ঈশ্বৰ মাধৱ
ধৰ্ম্মৰ ঈশ্বৰ নাম।
সুহৃদ বিশ্বাস কৰি নিৰন্তৰ
ডাকি বোলা ৰাম ৰাম॥
পদ।
নিগদতি শুকে আবে শুনা নৰেশ্বৰ।
ভকতৰ সন্তাপ দেখিয়া দামোদৰ॥
ভৈলন্ত আকুল কৃষ্ণ জগত জনক।
কমল নয়ন ভৰি বহয় লোতক॥
পীত বস্ত্ৰে মুছি মুখ ত্যজিয়া নিশ্বাস।
স্নেহে উদ্ধৱক ধৰি বুলিলা আশ্বাস॥
ত্যজি চিন্তা চিত্ত স্থিৰ কৰা মহাশয়।
তযু দুঃখ দেখি সখি নসহে হৃদয়॥
স্বৰূপে জানিলা তুমি আমাৰ আসয়।
বংশক সংহৰি এবে চলিবোঁ নিশ্চয়॥
সাধিলো উদ্ধৱ দেৱতাৰ যত কাজ।
নথাকিবো ইথানত তোমাত কি বাজ॥
দ্বাৰকা নগৰী সাগৰত যাবেতল।
মই গৈলে লোকত মিলিবে অমঙ্গল॥
পীড়িবে দুৰ্জন কলি গুচিবে আচাৰ।
হবে অধৰ্ম্মত ৰতি সকল প্ৰজাৰ॥
তুমি আমি দুয়ো গৈলে মিলেবে অনৰ্থ।
লুপ্ত হইবে জ্ঞান ইতো ভকতিৰ পথ॥
অধৰ্ম্মে পীড়িবে লোক যাবে অধোগতি।
ভকতিক ৰাখি তুমি থাকা মহামতি॥
মোহোৰ বচন ইতো নছাৰিবা তুমি।
শ্ৰৱণ কীৰ্ত্তন প্ৰবৰ্ত্তায় থাকা তুমি॥