পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

বেহুলা-লক্ষনীন্দৰ। তুলিয়া লইলা কোলে ধলি পৰে বিষৰ জালে, মুখৰ লালে ভিজিল কাপ। শিলতে অধিক ভব মুখে বহি পৰে জল, | বিযে হৈছে বৰ আকাৰ। বেউলা বোলে পহৰিয়া | মজুট ভৈলেক চুয়া, জন শাশু শ্বশুৰৰ ঠাই। নাৰায়ণ দেৱে কয় | সুকবি বল্লভে হয়, কালি নাগে খাইলেক লখাই। দিহা- প্ৰাণ মই হৰুৱাইলোৰে, ওৰে গুণৰনিধ। প্ৰভু প্ৰভু বুলি বেউলা কান্দে শো কাৰুণে। বেউলা ক্ৰন্দনে কান্দে যত সখীগণে। হ প্ৰভু আমাক এড়ি তুমি গৈলা কোথা। কোন দোষে ভৈলা মোৰ দশমী অৱস্থা॥ মদন মোহন প্ৰভু তোমাসাৰ জ্যোতি। অকালত বাৰী ভৈলো বেউলা ৰূপৱতী। অমৃত সমান প্ৰভু তব মুখৰ বাণী। পূৰ্ণৰূপে মই নুশুনিলো অভাগিনী॥ আমাৰ হাতে অন্ন প্ৰভু খাইতে কৈলা মন। বৰ যত্ন কৈলা প্ৰভু কৰিতে ৰন্ধন॥ অগোছ ফলাহাৰ প্ৰভু কৰাইলো তোমাৰ। সেহি সে দাৰুণ দুঃখ ৰহিল আমাৰ॥ সি কাৰণে মল্লা প্ৰভু নিদিলা উত্তৰ। মুখে মুখে চক্ষু চক্ষু এক এক কৰি। বিষাদ ভাবিয়া কান্দে সাহেৰ কুমাৰী। সুকবি নাৰায়ণ দেৱৰ সৰস পাঞ্চালী। পয়াৰ প্ৰবন্ধ বুলি এক যে লেচাৰী। ৭৫