পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

বেহুলা --লক্ষনীন্দৰ। ৫৮৫ দিহা-তেজ লোভ ক্ষমা কৰা বনিয়াৰ সুত। তোমা লাগি আসিয়াছে পদ্মাৰ কালদূত॥ বেহুলা বোল শুনা কহো তোমাৰ ঠাই। সত্য ভঙ্গ কৰা যদি ধৰ্ম্মৰ দোহাই। পূৰ্বব যতেক কথা নাহিকে স্মৰণ। ইন্দ্ৰপুৰী আছিল। কাম দেৱৰ নন্দন। তামিয়ো আছিলো বান ৰজাৰ কুমাৰী। দুয়োজনক হবিয়া আনিল বিষহৰি। যদি পদ্মা পূজয় শ্বশুৰ সদাগৰে। পুনৰপি যাইবো দুয়ো ইন্দ্ৰৰ নগৰে। শুনি আছে। তোমাসাৰ ৰাত্ৰি নিশাভাগে। তোমাসাক আসি আজি খাইবো কালিনাগে। যদি বা তোমাক খাই ই কাল নাগিনী। তোমাক লৈয়া জলে ভাসে। তেজি অন্ন পানী। যেবে সতীত্বৰ চিন নাথাকে আমাত। তেবে সে জীয়াবা প্ৰভু নৰিবো তোমাক। মৰণৰ নিবন্ধ শুনি বনিয়া নন্দন। মনৰ কথা এড়ি লখাই কৰিলা শয়ন। কালিনাগে নিদ্ৰাৱলীক মাৰিলা হুঙ্কাৰ। কতো কতো নিদ্ৰা আসি দিল। আগুসাৰ। কালি বোলে শুনা নিদ্ৰা আমাৰ উত্তৰ। পদ্মৰ বৰে লাগ গৈয়া মাথৰ উপৰ। কালিৰ আদেশে নিদ্ৰা চলিলা সত্বৰে। তেতিক্ষণে ধৰে গৈয়া মাথৰ উপৰে। প্ৰথমতে নিদ্ৰা গৈলা ওঁজা ধন্বন্তৰি। সিথানে গৈলন্ত নিদ্ৰা নেউলী ময়ূৰী॥ চন্দ্ৰধৰ নিদ্ৰা গৈলা সনেকা সুন্দৰী। মেৰৰ ভিতৰে লখাই বেহুলা সুন্দৰী॥ ৭৪