পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

সুকলি নাৰাণ দেৱ।। - বেহুলা-লক্ষীন্দব। | - - পাঞ্চালী। দিহা-বোলে দেবী মনসই। শুনা কালি মহাৰাই। পদ্মা বোলে শুনা কালি আমাৰ উত্তৰ। সত্ত্বৰে ডাকিয়া দেহ চান্দব কোৱৰ॥ এত শুনি নাগিনী লাগিল। বুলিবাৰে। কিমতে প্ৰবেশ হৈৰো লোহাৰ হেঙ্গাৰে। এখণ্ডি কপাট দিছি জোৱাৰ কৰাল। পিপিবাও নপৰে প্ৰবেশ কৰিবাৰ। পদ্মা বোলে কালিনাগ নিচিন্তিবা তুমি। কৰ্ম্মকা হাতে ছিদ্ৰ বাখি আছে আমি। ঐশত কোণাৰ ভাগে সিন্দুৰৰ ৰেখা। তাহাব সমীপে গৈলে ছিদ্ৰ পাইবা দেখা। এত শুনি কালিনাগ হৰষিত মন। চম্পক নগৰক লাগি কৰিলা গমন। পদ্মাৰ চৰণ নাগে বন্দিলেক শিৰে। পবন সঞ্চাৰে গৈয়া চান্দৰ নগৰে। দেখে ব্ৰতী জাগি আছে ই ঠাই প্ৰহৰী। ভৃঙ্গৰূপে কালি নাগে বৰ্ণ কৈলে চুৰি। উৰা দিয়া পৰে নাগে মেৰৰ উপৰে। লখাই বেহুলা কৱে কথা মেৰৰ ভিতৰে। নাৰায়ণ দেৱে কহে মনসাৰ দাসে। মেৰৰ উপৰে থাকি কালিনাগে হাসে।