পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৫৭৪
অসমীয়া সাহিত্যৰ চানেকি।

ইসে ভাগৱত নাহি ভাগৱত আন।
বিচাৰি শ্ৰীধৰস্বামী কৰিলা প্ৰমাণ।।
শুক উক্ত ভাগৱত যিটো বাহ্ৰ স্কন্ধ।
অঠাৰ হাজাৰ শ্লোকে কৰিলা নিৰ্বন্ধ।।
আদি অন্তে গায়ত্ৰীৰ অৰ্থ সমন্বিত।
নিৰুপিলা গ্ৰন্থ বৃত্ৰবধব সহিত॥
সেহি ভাগৱত মহা মহা সাধুগণ।
সাদৰে কৰন্ত সদা শ্ৰৱণ কীৰ্ত্তন।।
হেন জানি শুনা সবে মন কবি সাৰ।
চাৰিয়ো বৰ্ণৰ আছে তাত অধিকাৰ।
পাষণ্ডব ভণ্ডবাণী নুশুনিবা কাণে।
বেদবিদুষক সিতো একোকে নমানে
পৰম পাতকী আতি মহামূঢ় মতি!
আপোনাৰ দোষে পাপী যাইবে আধোগতি।
জানি একচিত্ত মনে কৰিয়ো শ্ৰৱণ।
তৰিয়া সংসাৰ পাইবা বৈকুণ্ঠ ভুবন।
দ্বাদশ স্কন্ধৰ কথা সূত্ৰ আনুসৰি।
যি অধ্যাত যেন কথা আছে ব্যাখা কৰি।
তাহাক সুচাই যাইবো প্ৰথম হন্তে।
যি হেতু আমাক বোলে তানেক মহন্তে।
শ্ৰধৰস্বামীৰ শঙ্কা শ্লোক অনুবন্ধে।
বিবচিবো সূত্ৰ কথা পৰম প্ৰবন্ধে।
শুনা মহাজন সবে গোচৰ আমাৰ।
ইটো শাস্ত্ৰখানি হৌক লোকত প্ৰচাৰ।
ভাগৱত ৰত্ন নাম ভাগৱত তত্ব।
ইহাক জানিলে জানিবেক ভাগৱত।
অল্প ভাৰ হোৱে যদি বহু মূল্য ৰত্ন।
তাহাক লৱয় লোকে কৰি মহা যত্ন।
শ্ৰীবিষ্ণু ভাৰতি উদ্ধাৰিলা কৰি যত্ন।
এতেকে শুনিয়ে সবে ভাগৱত ৰত্ন।