গুণ ইচ্ছা ইন্দ্ৰিয়ে বিষয়ে কৰ্ম্ম কৰে।
মই কৰো বুলি অজ্ঞে অহঙ্কাৰে মৰে॥
মোক নভজয় যিটো জানিবা সাক্ষাত।
নিপিন্ধে তুলসী ৰক্তফোঁট কপালত॥
জ্ঞানী পুনু জ্ঞান কৰ্ম্ম বিভাগক জানে।
দেহক আত্মাক দুইকো ভিন্ন কৰি মানে॥
বিষয়ত ইন্দ্ৰি প্ৰবৰ্ত্তাৱে গুণ লই।
ইন্দ্ৰিয়ে কৰাৱে কৰ্ম্ম কৰ্ত্তা নোহো মই॥
যিটো মোত অৰ্পি কৰ্ম্ম মদৰ্থে কৰয়।
চিত্ত বুদ্ধি আত্মা মন মোত সমৰ্পয়॥
এহি মতে কৰ্ম্ম কৰিবেক নিতে নিত।
মোত শ্ৰদ্ধা কৰি হৈবে অসূয়া বৰ্জ্জিত॥
যি জনে মোহৰ মত কৰে অনুষ্ঠান।
কৰ্ম্ম কৰি বন্ধমুক্তে পাৱৈ মোৰ স্থান॥
মোৰ মত নলৱে সকামী মূঢ়মতি।
মোৰ মতে অসূয়া কৰয় দিন ৰাতি॥
জানি মোৰ মত লৈয়া শোক পৰিহৰা।
মোত অৰ্পি স্বধৰ্ম্মত থাকি যুদ্ধ কৰা॥
পাৰ্থে বোলে কৃষ্ণ মোৰ বাক্য শুনিয়োক।
তব মত লৈয়া সবে স্বধৰ্ম্ম ভজোক॥
কৃষ্ণে বোলে তাৰ পূৰ্ব্বৰ কৰ্ম্মৰ সংস্কাৰে।
আপোন স্বভাৱে থাকি কৰ্ম্ম কৰৈ নৰে॥
গুণ ইচ্ছা প্ৰকৃতি ঘটাৱে নিয়া তাত।
কোনে এড়াইবাক পাৰে প্ৰকৃতিৰ হাত॥
শাস্ত্ৰদ্বাৰা গুণ দোষ জানয় অৱশ্য।
হেয় জ্ঞানীয়ো হোৱৈ প্ৰকৃতিৰ বশ্য॥
যিটো স্বভাৱত অজ্ঞ বিষয়ত মতি।
ইন্দ্ৰি নিয়মিতে পাৰে কাহাৰ শকতি॥
পাৰ্থে বোলে নানা অৰ্থ তোমাৰ বাক্যৰ।
ধৰ্ম্ম কাৰ্য্য কৰি কাৰ্য্যোদ্যোগ কৰৈ নৰ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫৬৬
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৬৬
অসমীয়া সাহিত্যৰ চানেকি।