সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪৪
অসমীয়া সাহিত্যৰ চানেকি।

পাছে বিচাৰিয়া জিজ্ঞাসা কৰিয়া
 সন্নিত চাপিয়া তাব।
সৰ্প ভয় ভ্ৰম তিনি দূৰ গৈল
 জৰাঁ গাছ মাত্ৰ সাব॥
দেহৰ লগত আত্মাৰ মৰণ
 কহে অজ্ঞানৰ প্ৰায়।
ব্যাপক আত্মক পৰিচ্ছেদ কৰে
 যাৰ আদি তান্ত নাই॥
তুমি আমি আদি যত লোক দেখা
 আছিলো সবে পূৰ্ব্বত।
সম্প্ৰতি সবহি আছো বিদ্যমান
 থাকিবো পাছ কালত।
বুলিবা ঈশ্বৰ জন্ম মৃত্যু শূন্য
 তুমি থাক। সৰ্ব্বথায়।
আন যত লোক কতো উপজয়
 কতোবা মৰিয়া যায়॥
একে শৰীৰতে বাল্য যুব জৰা
 হোৱে যেন পুৰুষৰ।
দেহ এড়ি জীৱে আন দেহে জন্মে
 মৃত্যু সেহি পটন্তৰ॥
যদি বোলা আৰু এই দেহ নষ্টে
 ইয়ো দেহ নষ্ট যায়।
আন দেহ এড়ি পুনৰ্ব্বাৰ আসি
 ভিন্ন জীৱ ওপজয়॥
জানিবা জীৱৰ পূৰ্ব্ব যে দেহৰ
 পূৰ্ব্বৰ সংস্কাৰ যত।
সেহি সে সংস্কাৰে পুনু দেহ ধৰে
 নিষ্টে জানা স্বৰূপত॥