পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩৮
অসমীয়া সাহিত্যৰ চানেকি।

ভামাৰ বচনে শচী আধিকে জ্বলিল।
অনিৰ্ব্বাৰ হুয়া বাক্য বুলিবে লাগিল॥
হায়ৰে মানুষী জানো তোত নাহি জ্ঞান৷
মোৰ ফুল চুৰি কব তোৰ সে উমান॥

চুৰুণীৰ হয় পাঞ্চ বোঝা মিছা গাল।
আবেসে মৰিলি চেৰী নাই তোৰ ভাল॥
তিৰি হয়া তিৰিৰ বেকত কব যাব।
মাৱেৰৰ কথা কেনে নক আপুনাৰ॥

নোহ বিদগদ নজানস ৰতীৰস।
কালিব ছোৱালী হুয়া চাতুৰ্কী কৰস॥
আমি জানো তোব স্বামী যেন মত ভাল।
নন্দ ঘৰে আছিলেক হুয়া বাখৱাল॥

বৃন্দাবনে বেঢ়াইলেক ধেনুবৎস ৰাখি।
শিৰৰ ভূষণ লৈল ময়ূৰৰ পাখি॥
গোপ ঘৰে বেঢ়াইলেক দধি দুধ খাই।
গৰু তিৰি মাৰি আছে চুইবে নযুৱাই॥

গোপীকাৰ পিন্ধিবাৰ বস্ত্ৰ কান্ধে লৈল।
হেন সে কম্বুক যোনি নিৰেখিয়া ৰৈল॥
আতি অনাচাৰ কৃষ্ণ জগত প্ৰখ্যাত।
ব্ৰাহ্মণী সবৰ খায়া আছে আড়া ভাত।

নাই কুল ক্ৰীড়া গোপী বিটাল গোপাল।
নিজ কান্ধে বহি আছে গোৱাল চৱাল॥
নন্দেৰ ব্ৰজৰ গোপ সুন্দৰী হৰিল।
কামাতুৰ পদে গোপী কান্ধত বহিল॥

মহাৰাস মণ্ডল পাতিয়া বৃন্দাবনে।
নানা ৰসে ৰসিলেক গোপীকাৰ সনে॥
আমি সবে নিৰখিয়া আছিলো নয়নে।
গোপী সবে ৰঙ্গে ধঙ্গে বেঢ়াইল কাননে॥