পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

কুৰ্ম্মৱলী বধ। ত্ৰাস ভৈল নগলেক অনন্ত প্ৰবল। ফাটাইয়া ধৰণী কৰয় তলবল। আকাশত আদিত্যৰ থিৰ ভৈল গতি। কৈলাসত সচকিত ভৈল পশুপতি। কুৰু কুৰ্ম্মতব সেনা ভৈলা মহাত্ৰাস। আই বাপ বুলি সবে দিলেক আতাস। ঘনে ঘনে আকাশত উৰে ধূমকেতু। চিন্তিলন্ত ভাগ্নে নৃপতিৰ বধ হেতু। কুৰ্ম্মৱলী নৃপতিৰ আগে বিমঙ্গল। সমুখে বহয় বায়ু পৰম প্ৰবল। বৃক্ষ সব ভাগি পৰে পৰ্বত শিখৰ। হয় হস্তী উৰুৱাৱে ৰথী নিৰন্তৰ। দেখি কুৰ্ম্মৱলী ৰজা ভৈল ভয় ভীত। মুদিলেক চক্ষু আৰ নপাৰে মেলিত॥ ভীষ্মৰ আগত পাছে অতি সুমঙ্গল। সুগন্ধি শীতল বায়ু বহে সুকোমল॥ হেন দেখি ভীষ্ম কৃষ্ণ চৰণে প্ৰণামি। ৰক্ষা কৰিবাহা মোক জগতৰ স্বামী। তযু পদ বিনে মোৰ আন গতি নাই। ব্ৰহ্মাৰ শৰত মোক ৰাখা যদুৰাই। এহি বুলি শৰপাত কৰিলা প্ৰহাৰ। সকলে পৃথিবী লৰি ভৈল তোলপাৰ। দেৱা সুৰ নাগগণ থাকিলা তৰসি। আকাশৰ তাৰাগণ গৈল খসি খসি॥ মহাবেগে শৰপাট চলে আকাশত। প্ৰলয়ৰ বহ্নি যেন দেখি সেই মত॥ শীবেগে চলে আকাশৰ পথ ছেদি। গৰুড় চলয় যেন পৰ্বতক ভেদি। সেহি বেলা ব্ৰহ্মাৰ শৰক খেদি ধৰি। পৃথিবীত পেলাইলেক চূৰ্ণাকৃত কৰি॥ ৬৭