________________
৫২৮ অসমীয়া সাহিত্যৰ ঢানেকি। শিৱৰ জুৰক বিষ্ণু জবে লগি পাই। দূৰত বিদূৰ কবি পেলাইলা খেদাই। হেন দেখি কুৰ্ম্মৱলী নৃপতি প্ৰধান। মন্ত্ৰ সমে প্ৰহাবিলা কুবেৰৰ বাণ। বাসুকী সদৃশ ভয়ঙ্কৰ বিপৰীত। মাথাগোট আকাশত লাঞ্জ পৃথিবীত। মেৰু মন্দবৰ সম সদৃশ শৰীৰ। আকাশ বিয়পি চলে ভয়ঙ্কৰ শিৰ। নিশ্বাসতে বাজ হোৱে অসংখ্যত সৰ্প। দেখি দৈৱ লোকৰ হৰিল বল দৰ্প। নাকৰ নিশ্বাস মাৰুতব সম শৰ। চক্ষু দুই গোট যেন উদয় ভাব। হেন দেখি গঙ্গাসুতে মনত গুণিলা। আথেবেথে দিগপাল শৰ প্ৰহাৰিলা। আকাশ চানিয়া চলে সায়ক প্ৰচও। কুবেৰৰ অস্ত্ৰক কৰিল৷ খণ্ড খণ্ড। চূৰ্ণকৃত হুয়া শৰ ভূমিত পৰিল। টলবল কৰি মহী মণ্ডৰ লৰিল। হেন দেখি কুৰ্ম্মৱলী পৰম ক্ৰোধত। ব্ৰহ্মাৰ শৰক পাই যুৰিলা, গুণত। প্ৰলয়ৰ শৰ যেন শকতি দুৰ্জয়। অযুত সূৰ্যৰ সম প্ৰকাশ কৰয়। শৰৰ প্ৰতাপে সবে পৃথিবী লৰিল। মন্দৰ গিৰিত যাই ধমক লাগিল। সকল পৃথিবী লৰি দল দোপ ভৈল। আকাশৰে। তাৰ গণে। খসি খসি গৈল। হেন দেখি গঙ্গাসুতে গুণিল। মনত। মহেশৰ শৰপাট যুৰিলা গুণত। ৰুদ্ৰ মন্ত্ৰ জাপ্য তাতে কবিলা বিস্তৰ। কাম্পে বসুমতী নসহয় পয়োভৰ।