পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

কথা-গীতা। ৫১৭ জীবো। এই কাৰ্পণ্য কুলক্ষয় দোষেও মোৰ সবে শূৰ স্বভাৱ গুচিল; যুদ্ধ এৰি ক্ষত্ৰিয় ভিক্ষ। ধৰ্ম্ম বা ধৰ্ম্ম আতে মৃঢ়চিত্ত হৈলো। এতেকে তোমাত পুছে, যি শ্ৰেয়স হয় তা নিশ্চয় কৰি কহ, তোমাৰ মঞি শিষ্য হৈলো, চৰণত শৰণ লৈলো; এতেকে মোক শিখাৱা। যদি বোলা তুমি বিচাৰি যি যুক্ত হৱে তাকে কৰা, তাত শুনা। মোৰ ইন্দ্ৰিয় শোষণ শোকক যি কৰ্ম্মে দূৰ কৰিব তাক নেদেখো। যদি ভূমিত অকণ্টক। সৰ্বসমৃদ্ধি ৰাজ্য পাএা, দেৱৰ ইন্দ্ৰ যদি হঞে1, তথাপি শোক নিবৃত্তিৰ উপায় নেদেখো। | সঞ্জয়ে কহন্ত, এই বাক্য গোবিন্দক বুলি, গুড়াকেশ তাডঞ্জুনে নুযুঝিম বুলিয়া মৌনে ৰহিলা। হৃষিকেশ ভগৱন্তে। হাস্যবদনে দেহাত্মবিবেক দেখাই তাহান মোহ দূৰ কৰিতে এই বাক্য বুলিলা; হে সখি অৰ্জুন, তুমি শোকৰ বিষয় বন্ধুসবক শোক কৰা, তাত মঞি বোধ দিলেও পণ্ডিতসবৰ বাদসব কহা, তুমি পুনু পণ্ডিত নহৰা; যি পুনু পণ্ডিত হয়, সি জীয়ন্তা মৰন্তা দুইকো শোক নকৰে। তাৰ হেতু শুনা; যেন মএি অনাদি ঈশ্বৰ লীলতনু ধৰিতে এড়িতেয়ো নাইকা নহে; কিন্তু সদায়ে থাকে।। তুমি এই ৰজাসবে উপজি মৰিও, মোৰ অংশ পদে নাইকা নহৱা, কিন্তু সততে থাকা; পৰমাৰ্থত জন্মা মৰণ নাই নিমিত্তে শোক নকৰিবা। যদি বোলা তুমি ঈশ্বৰৰ জন্ম মৰণ নাই, ই সত্য হয়, জীৱৰ পুনু জন্ম মৰণ প্ৰসিদ্ধ আছে, তাত শুনা। যেন দেহী পুৰুষৰ এই দেহাতে দেহ নিবন্ধন কৌমাৰ, যৌবন জৰা তাৱস্থা হয় দেহান্তৰ প্ৰাপ্তিকে তেমনে বুজিবা এতেকে যি ধীৰ হয় সি দেহৰ উৎপত্তি বিনাশত মোহ নযাই। যদি বোলা মঞি বন্ধুসবক শোক নকৰে। কিন্তু তাৰৰ বিয়োগ দুখ পাইবো বুলি আপুনাকে শোক কৰে, তাত শুনা। যেন অনিত্য অস্থিৰ বিষয় সম্বন্ধ সব স্বভাৱে পুৰুষক শীত-উষ্ণ সুখ-দুখ দেই, তেমনে, ইষ্টসংযোগবিয়োগাদিয়ে সুখ-দুখ দেই; তাক , সহন ধীৰৰ উচিত হয়। প্ৰতিকাৰ কৰণতো কৰি মহাফল সাধে পদে, সহনেসে ভাল দেখি। যি ধীৰ জনক বিষয়সম্বন্ধসবে অভিভব নকৰে, সি সুখে-দুখে সম ভূয়া, ধৰ্ম্মজ্ঞান দ্বাৰায়ে মোক লাগি যোগ্য হয়। যদি বোল। তথাপি শীত-উফ অতি দুঃসহ, তাক সহিতে কদাচিত আত্মা নষ্ট হব পাৰে, তাত শুনা। পুৰুষৰ শীত-উফ সহিতে আত্মাও নষ্ট নহয়। মিথ্যা শীতোষ্ণাদিৰ আত্মত স্থিতি নঘটয়। সত্য তাত্মাৰ বিনাশ নাই। এই সন্ত আসন্তৰ তত্ত্বদৰ্শীসবে নিৰ্ণয় দেখিছে। এহুয় জ্ঞান হৈলে সবে সহিবে পাৰিবা। যি তাত্মায়ে সকল দেহদিক সাক্ষীৰূপে ব্যাপি আছে, তঙ্ক অবিনাশী কৰি জানিবা,