পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

কথা-গীতা। সঞ্জয়ে বোলন্ত, জানা বাজ। তানৰ এই বাক্য শুনি শ্ৰীকৃষ্টে সকল বাজাৰ মাজত ভীন্ন দ্ৰোণ সমুখত দুই সেনাৰ মধ্যত উত্তম ৰথ ৰাখি বুলিলা; হে পাৰ্থ, কুকৰীৰসবক চক্ষু মেলি দেখা , তাত উৰ্দুনে পিতৃব্য পিতামহ আচাৰ্য মাতুল ভাতৃ ভাতৃপুত্ৰ পৌত্ৰ সখী শশুব সুহৃদ সব দুয়ো সেনাত দেখিলা। সেই সকল বন্ধুসব যুদ্ধক ইছাই সমুখে পকিবাব দেখি, পৰম কৃপায়ে ব্যাপ্ত হুয়া মহদুখ পায়। কুন্তিপুত্ৰ আঙুনে ঐকৃষ্ণক এই বাক্য বুলিলা; হে কৃঃ এই জ্ঞাতিসব যুঝিবে ইছায়ে যুদ্ধত উপস্থিত দেখি মোৰ কবচৰণাদি ভাগি যাই, মুখে। শুখাই, শৰীৰো কাম্পে, ৰোমো সিহঁবে, গাণ্ডীৰ ধনু হাতব খসি পড়ে, চৰ্মে। তাপ কবে। তাকে যুঝিম আগত গাকিবে নপৰো, মনো মহাভ্ৰম হয়, বিমঙ্গলসবো দেখো, উপৰত শগুণ ফুৰে, শৃগালে আবাৰ কবে, যুদ্ধত স্বজনক বধি কিছে। ফুল নেদেখো, বিজয়কো আকাঙক্ষা নকৰো, বাজকে। ইছা নকৰো, সুখকে। নবাঞ্ছো। হে গোবিন্দ, আমাৰ ৰাজ্য ভোগত জীৱনত কি প্ৰয়োজন। যি বন্ধুসৰৰ তাৰ্থে আমৰা ৰাজ্য ভোগ সুখক ইছা কৰি, সি বন্ধুসব প্ৰাণধন ত্যাগক অঙ্গীকাৰ কৰি যুদ্ধত উপস্থিত হুয়া আছে, তাক শুনা; গাচাৰ্য্য পিতৃব্যপুত্ৰ পিতামহ মাতুল শশুৰ স্যালা সমন্ধীসব। হে মধুসূদন, আৰ। যদি আমাক মাৰে তথাপি আমি তাবাক মাৰিৰে ইছা নকৰি। ত্ৰৈলোক্য ৰাজ্যৰ তাৰ্থেও বন্ধুসৰ নবধি, পৃথিবীমাত্ৰৰ পদে নবধিবু তাক কি বুলিম। হে জনাৰ্দন, ধৃতৰাষ্ট্ৰৰ পুত্ৰসৰ বধিলে, আমাৰ কি প্ৰীতি হৈব! যদ্যপি আৰ। আমক বিষ দিয়া নাৰিতে চাইছে, তাগিয়ে দিছে, ধন সৰস্কো হৰিছে, ৰাজ্যভাৰো কাঢ়ি লৈয়া আছে, ভাৰ্য্যাকে। অপকাৰ কৰিছে, হাস্ত্ৰ ধৰি যুঝিছে, এই ছয় দোষে আসবে আততায়ী, অৰ্থশাস্ত্ৰ মতে আততায়ীক অধিলেয়ে। দোষ নাই, তথাপি ধৰ্মশাস্ত্ৰক আপেক্ষায় অবাক বধিলে তামাক দোযে পাইব। এতেকে ধৃতৰাষ্ট্ৰৰ পুত্ৰসৰ আমাৰ বান্ধৱ, তাবাক বধিতে তামাৰ ভাল নহে। যাতে বন্ধুসবৰ বধ অন্যায় অধৰ্ম্মক দেখি। হে মাধৱ বন্ধুসব বধি কেমনে ইহলোকত সুখী হইবো। যদ্যপি আৰা লোভ পাকি কুলক্ষয় দোষ মিত্ৰদ্ৰোহ পাপকো নেদেখে, তথাপি আমি সেই দোষ দেখি, কেনে পাপত নিবৃত্তি নহৈবো। আবে সেই দোষকে শুনা। কুলক্ষয় হইলে কুলধৰ্ম্ম নষ্ট হুইব। ধৰ্ম্ম নষ্ট হৈলে অবশিষ্ট কুলকে। অধম্মে ব্যাপিব; তাধৰ্ম্মে ব্যাপিলে কুলস্ত্ৰীসব দুটা হুইব। স্ত্ৰীসব দুষ্টা হৈলে বৰ্ণসঙ্কৰ হৈব, বৰ্ণসঙ্কৰ হৈলে কুলৰ নৰক গতি হৈব। তেবে পিতৃসব লুপ্তপিণ্ডজলাঞ্জলি হুয়া পবিব। এই দোষ সবে জাতিধৰ্ম্ম কুল ধৰ্ম্ম বৰ্ণাশ্ৰমধৰ্ম নষ্ট হুয়া মনুষ্যসব নৰকত বাস কৰিব। ক আমি স্মৃতিত শুনিছি; অহে। কি কষ্ট! মহাপাপ।