পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

ভজদে। - 906 ওঁৰ পিতৃমাতৃয়ে থোৱা নাম বৈকুণ্ঠনাথ; কবিৰত্ন, ভাগৱত ভট্টাচাৰ্য বা | ভট্টদেৱ তেওঁৰ উপাধি। বৰপেটা মহকুমাৰ ভেড়াগাৱত ১৫৫৮ পৃষ্টাব্দৰ ওচওচবি কোনো সময়ত তেওঁৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম কবিসৰস্বতী, মাতৃৰ নাম তাবাদেৱী। কৰিসৰস্বতী এজনা প্ৰসিদ্ধ বৈদান্তিক ব্ৰাহ্মণ পণ্ডিত ছিল। বৈকুণ্ঠনাথে বড়নগৰৰ প্ৰসিদ্ধ পণ্ডিত গোপাল দেৱৰ টোলত সংস্কৃত শিক্ষা লাভ কৰে। তেওঁ অলপ দিনৰ ভিতৰতে বহুত সংস্কৃতৰ শাস্ত্ৰ অধ্যয়ন কৰে, বিশেষকৈ ভাগৱতত তেওঁৰ বৰ ব্যুৎপত্তি জন্মে। শিক্ষা শেষ কবি সেই সময়ৰ অসমৰ বৈষ্ণৱধৰ্ম প্ৰচাৰক দামোদৰ দেৱত শৰণ লয় আৰু তেওঁব অনুমতিতে কথা-ভাগৱত ৰচনা কৰে। ভট্টদেৱে ১৫৯৩ খৃষ্টাব্দত কথা ভাগৱত লিখিবলৈ আৰম্ভ কৰি ১৫৯৭ খৃষ্টাব্দত তাক শেষ কৰে। দামোদৰদেৱে তেওঁৰ মৃত্যুৰ সময় ভট্টদেৱক পাটবাউসী সত্ৰৰ অধিকাৰ পাতি তেওঁৰ মূৰত ধৰ্ম্মৰ অৰ্পণ কৰে। সেই সত্ৰত কিছু দিন থাকি ভট্টদেৱ তাৰ পৰা ব্যাসকুচিত এখন সন্দ্ৰ স্থাপন কৰি তালৈ যায় আৰু তাতে ১৬৩৮ খৃষ্টাব্দত বৈকুণ্ঠগামী হয়। এওঁৰ ৰচিত প্ৰধান পুথিবিলাক এই কথাভাগৱত, কথাগীতা, কথাৰত্নাৱলী এই তিনিখন অসমীয়া গদ্যত লিখা; ভক্তি-সাৰ, ভক্তিবিবেক, শৰণ-সংগ্ৰহ এই কেইখন সংস্কৃতত লিখা , প্ৰসঙ্গমালা আৰু গুৰুবংশাৱলী অসমীয়া পদ্যত লিখা। কথা ভাগৱত। (১০ ম-৮৭ তা।) বেদস্তুতি। স্বভক্ত দ্বিজ শুষ। সৰ্বধৰ্ম্মাধিকা শুভ। যেনোক্তা ব্ৰহ্মপৰম। বেদমাৰ্গাস্তমাশ্ৰয়ে। সাতাশী অধ্যায়ে বেদস্তুতি কহিব। ৰাজ। পুচন্ত হে শুক নিগুণ ব্ৰহ্মত, পণ ব্ৰহ্ম কেমনে প্ৰৰৰ্ত্তে, আক মোত কহা। শুকে কহন্ত, ঈশ্বৰ ভগৱহে