পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

পৰম-ধৰ্ম্ম নিৰুপণ। অক্ৰ ৰে বোলন্ত হৰি, কহো আমি নিষ্ট কৰি, কোনেনো পণ্ডিত বোলাইবেক। তোমাৰ শৰণ তেজি, বিষয় ৰসত মজি, গান দেবতাক ভজিবেক।। ভকতৰ প্ৰিয়তম, নাহিকয় তজু সম, সকাৰ্মাৰ কাম কৰা দুৰ। নিষ্কামী দাসকো তুমি, আপনাকে দিয়া স্বামী, কৃপা কৰি ভৰ কৰা দূৰ। কৃষ্ণৰ চৰণে ধৰি, | উদ্ধৱে মিনতি কৰি, | বোলে প্ৰভু কমল লোচন। তোমাৰ চৰণ পদ্ম, সমস্ত আনন্দ সন্ম, | সন্তে লৱে তাহাতে শৰণ॥ ভকতৰ সেৱা সুখ, | তৰে সংসাৰৰ দুখ, | ভকতৰ তুমি হুয়া বন্ধু। জ্ঞানী কৰ্ম্মী নলভয়, মায়ায়ে বঞ্চিয়া থয়, নতৰয় সিততা ভবসিন্ধু। তোমাৰ প্ৰসাদ পাই, | ভক্তে মায়া তৰি যাই, আৰু তুমি হৱহা অধীন। যশোদাৰ বান্ধ লৈয়া, | গোপীৰ অজ্ঞাত ৰৈয়া, | বলিৰ দুৱাৰে প্ৰতিদিন। ইতো প্ৰভু নুহি চিত্ৰ, | বানৰেও ভৈলা মিত্ৰ, কেৱল শৰণ লৈলে মাত্ৰ। ৰামচন্দ্ৰ ৰূপে হৰি, কৃপালু গুণক ধৰি, পশুকো কৰিলা ভক্তি পাত্ৰ। এতেকে তামাক তেজি, | কোন স্থান দেৱ ভজি, পাসৰিবে তজু উপকাৰ।। যিতো অন্তৰ্যামী হৰি, চৰাচৰ তাছা ধৰি, যাত বিনা বস্তু নাহি আৰ।