পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

৪ ০ অসমীয়া সাহিত্যৰ চানেকি। যদি বোলা ব্ৰহ্মা, স্বতন্ত্ৰ হোৱন্ত, কৰা সৃষ্টি জগতৰ। কিবা তাঙ্কে ধ্যান, সততে কৰোহো, যাক নাহি সমসৰ। ইটো শঙ্কা তোৰা, নকৰিবা মনে, ব্ৰহ্মা ধ্যান যোগ্য নুই। যিহেতু বেদক, | পাসৰি থান্ত, আপুনি মোহিত হুই। ঈশ্বৰে জানিয়া, মনত হাসিয়া, বেদক কৈলা বিস্তাৰ। বিষয়ব সুখে, মোৰ পুত্ৰ ব্ৰহ্মা, মোহ পাৱে বাৰম্বাৰ। তথাপিতো তাঙ্ক, বেদ পঢ়াৱন্ত, | হেন কৃপাময় হবি। তাহাঙ্ক বিনায়, কাহৰ চৰণ, | থাকিবে মনত স্মৰি। যদি বোলা ব্ৰহ্মা, | কাতে হন্তে বেদ, পঢ়িবাৰ নতো শুনি। আৰু বোলা ব্ৰহ্মা, বেদক পাসৰি, | আকন্ত মনত গুণি। ইটো শঙ্কাচয়, | তেজিও নিশ্চয়, ব্ৰহ্মাইকে পঢ়াইলা বেদ। বেদক পাসৰি, | দৃষ্টি পৰিহৰি, যাতত কৰি আছি। খেদ। সেই সময়ত, | কৃপা কৰি হৰি, আদেশিলা সৰস্বতী। ব্ৰহ্মাৰ সমীপে, সত্বৰে চলিও, বুলিলাহ। প্ৰতিপ্ৰতি।