শ্ৰীকৃষ্ণ বলভদ্ৰৰ মথুৰা প্ৰৱেশ।
এহি মতে ৰাম কৃষ্ণ আনন্দে যাহন্তে।
মথুৰাৰ সমীপক পাইলন্ত দিনান্তে॥
নন্দ আদি গোপগণ আগ হুয়া যাই।
বহিয়াছে ৰাম মাধৱক বাট চাই।
তেসম্বে সহিতে গৈয়া হুয়া এক ঠাই।
ৰথৰ নামিলা ৰাম কৃষ্ণ দুয়ো ভাই॥
অক্ৰূৰৰ হাতে ধৰি পৰম বিনয়।
বুলিলাহা হাসি পাছে কৃষ্ণ কৃপাময়॥
নগৰৰ উপবন থান অনুপম।
আমি সব কৰো ঐতে ক্ষণেক বিশ্ৰাম॥
ৰথ লৈয়া আগ হুয়া চলিয়োক ঘৰ।
পাছে সে পশিৱো আমি মথুৰা নগৰ॥
বুলিলা অক্ৰূৰ পাছে কৰি প্ৰণিপাত।
তোমাক এড়িয়া নপশিবো মথুৰাত॥
গৃহক পৱিত্ৰ মোৰ কৰা মহাভাগ।
কৰিবে উচিত নুই ভকতক ত্যাগ॥
গোপগণ সমে আসিয়োক দুয়ো ভাই।
পদধূলা পড়িয়া পৱিত্ৰ হোক ঠাই॥
এহি পদ-জল শিৰে ধৰি দৈত্যপতি।
লভিলা ঐশ্বৰ্য্য পাইলা ভকতৰ গতি॥
এহি চৰণতে গঙ্গা হুয়া উতপতি।
কৰিলন্ত জগতক পৱিত্ৰ সম্প্ৰতি॥
পাদোদক বুলি শিৰে লৈলা হৰে পাই।
সাফলিবো জন্ম ময়ো চৰণ ধুৱাই॥
তীৰ্থতো অধিক আজি হোক মোৰ থান।
সবংশে কৰিবো তযু পাদোদকে স্নান॥
হুয়োক প্ৰসন্ন দেৱ দেৱ জগন্নাথ।
এতেক প্ৰসাদ দিয়া নমো দমাই মাথ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪৯
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
অসমীয়া সাহিত্যৰ চানেকি।দশম স্কন্ধ।