সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৮৩
বিষ্ণুপুৰাণ।

তৃষ্ণা ভৈল কাঠি তাত বিন্ধি সবে প্ৰজা।
ৰাগ দ্বেষ জুইত পুৰি খাই মৃত ৰাজা।।
ধন জন ভাৰ্য্যা পুত্ৰ আছে যিবা ঘৰে।
এহিমতে জগতক মৃত্যুয়ে সংহাৰে।।

আন কৰ্ম্ম এৰি চিন্তা আপোনাৰ হিত।
কৃষ্ণত ভকতি কৰা হুয়া একচিত্ত॥
নৰক ব্যাধিৰ কৃষ্ণ ভক্তিসে ঔষধ।
আন ধৰ্ম্মে নকৰয় শঙ্কাৰ নিৰোধ।।

কোটি কোটি পাপ একে নামেসে সংহাৰে।
যেন সূৰ্যে ঘোৰ অন্ধকাৰ দূৰকৰে।।
যমৰ যাতনা দুখ যাৰ আছে ভয়।
বোলা ৰাম ৰাম পাপ মানে হোক ক্ষয়।।