পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

৪৭৪ অসমীয়া সাহিত্যৰ চানেকি পদ যমৰ পুৰিত কিনো জাতি বিপৰীত। পশ্চিমব দ্বাৰ বিশ্বকৰ্ম বিবচিত। বঙ্গে সুমণ্ডিত দ্বাৰ দেখি মনোহৰ। বৈদূৰ্য্য বান্ধিলা খাটখবি নিবন্ত। ফটিকৰ স্তম্ভ ইন্দ্ৰ নীল দিলে ঘট। সুবৰ্ণৰ পাটে আতি কৰে ফটফট। মৃদঙ্গ পল্লৱ ভেৰি কৰে কোলাহল। বাৱে বাদ্য কতলিব অস্ফাল॥ শিৱত ভকত যত যোগী নিবন্ত। পশ্চিমৰ দ্বাৰে যাই পশে অভ্যন্তৰ। সমস্তে তীৰ্থত যি কৰি আছে স্নান। জলৰ মধ্যত থাকি যিব এবে প্ৰাণ। মহাপথে গৈয়া সিতে। কৰে তনু ত্যাগ। ভোজনক এৰি মৰে যিটে। মহাভাগ॥ মিত্ৰ ভাৰ্যা গোস্বামী লোকৰ নিদানে। আপুনাৰ এৰে প্ৰাণ যিতো মহাজনে। পঞ্চ অগ্নি বুলি আছে এক মহাব্ৰত। শুনা তাৰ কহে আমি বিধি যেন মত। গ্ৰীষ্মকালে চাৰি দিশে বহিব অস্তাপ। উপৰত কৰে অৰো সুৰ্যৰ প্ৰতাপ। তাৰ মাজে থাকি ব্ৰহ্মা চিন্তিবে সদায়। থাকে বুলি পঞ্চ অগ্নি ব্ৰত সমুদাৰ। পৰ্বতৰ পৰা পৰি মৰে যিব নবে। অগ্নিত প্ৰবেশি যিবা তনু ত্যাগ কৰে