পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
অসমীয়া সাহিত্যৰ চানেকি।

তেবেসে কৰিব পাৰে শ্ৰবণ কীৰ্ত্তন।
তযু কুপাতেসে সিঝে সব প্ৰয়োজন॥
এই বুলি চৰণত পড়িলা অক্ৰূৰ।
প্ৰণামো জগত নাথ কৰা দুঃখ দূৰ॥
বিজ্ঞান মূৰুতি জগতৰ অন্তৰ্য্যামী।
জীৱ সুখ-দুঃখ-দাতা তুমি সব স্বামী॥
নমো পৰিপূৰ্ণ ব্ৰহ্ম অনন্ত শকতি।
জন্মে জন্মে তযু পাৱে থাকোক ভকতি॥
ত্ৰাহি ত্ৰাহি কৃষ্ণ কৰা মোৰ মোহ দূৰ।
এহি বুলি পাৱে পড়ি কান্দন্ত অক্ৰূৰ॥
পাছে কৃষ্ণ একো তাঙ্ক নিদি সমিধান।
ৰূপ দেখাই ভৈলন্ত আগতে অন্তৰ্ধান॥
উঠিল জলৰ পৰা পাছে দানপতি।
চড়িলা ৰথত কৰি কৃত্য সমাপতি॥
ডাকন্ত ঘোড়াক হুয়া পৰম বিস্ময়।
হাসিয়া পুছন্ত পাছে কৃষ্ণ কৃপাময়॥
কৈত কিবা আবে খুড়া দেখিলা অদ্ভুত।
সত্বৰে কহিও কথা গান্দিনীৰ সুত॥
হেন শুনি অক্ৰূৰে বুলিলা বাক্য পাছে।
সমস্ত অদ্ভুত প্ৰভু তোমাতেসে আছে॥
মোক দেখা দিলা তুমি জগত-আধাৰ।
অদ্ভুত দেখিবে আৰে থাকিল কি আৰ॥
এহি বুলি বীৰে ধীৰে ধীৰে ডাকে ৰথ।
যথা চম্বুকৰি ধৰি মথুৰাৰ পথ॥
পথতে পথুকে ৰাম মাধৱক দেখি।
আনন্দ মূৰ্ত্তিক চাৱে নয়নে নিৰীক্ষি॥
যেহি অঙ্গে পড়ে দৃষ্টি নপালটে পুনু।
প্ৰেম পৰশিয়া ৰোমাঞ্চিত হোৱে তনু॥
নয়নৰ ঝৰে নীৰ নখণ্ডে তৃপিতি।
মিলে মহোৎসৱ নভাৰয় আন ভিতি॥