পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

8१२ অসমীয়া সাহিত্যৰ চানেকি। আনো পক্ষী যত লিখিল বাৰত, যেন উৰু উৰু কৰে। যত বন বাসা পখী পতি আসি, | গলে গলে বান্ধি ধবে।। চাৰি দিশে তাৰ চাৰি খান দ্বাৰ, দেখিতে গতি ঠান। যিব দ্বাৰে যাৰ। আছে অধিকাৰ, | কবিছে তাক বিধান। পুৰ্বদ্বাৰ খান শুনা যেন ঠান, | দেখন্তে লাগে সন্তোষ। দিনে ৰাতি তাত সুমঙ্গল বাত, নাহি তৈত আন দোষ। সুবৰ্ণৰ পাট কৰি তাক ডাঠ, | সুবৰ্ণব স্তম্ভ দিল। স্তম্ভব উপৰে | পতাকায়ে কৰে, বসত জিলমিল। মুকুতাৰ থোপা কৰি এক জোপা, আৰিলেক গানে গানে। বৈদূৰ্য্য মণিক আনি লগাইলেক, | দ্বাৰত অতি সন্ধানে। গন্ধৰ্ব সকলে মহা কতুহলে, | গীত গৱে নানা ভাৱে। তাপেৰা গণে নাচে থানে থানে, কতো তাক ৰঙ্গে ঢাৱে। দেৱ ঋষি সিদ্ধ গন্ধৰ্ব বিবিধ, বিদ্যাধৰ যক্ষপতি। সবে স্বৰ্গ বাসী | পূৰ্বদ্বাৰে আসি, নগৰীত কবে গতি।