সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
দশম স্কন্ধ।

নমো মহা মৎস্য প্ৰলয়ৰ জলচৰ।
নমো কুৰ্ম্মৰূপী পৃষ্ঠে ধৰিলা মন্দৰ॥
শূকৰ আকাৰে প্ৰভু উদ্ধাৰিলা ভূমি।
ভকত পালক প্ৰভু নৰসিংহ তুমি॥
ত্ৰৈলোক আক্ৰমিলা তুমি সি বামন।
প্ৰণামো পৰশুৰাম ক্ষত্ৰিয় উচ্ছন্ন॥
নমো শ্ৰীৰাম ৰাৱণৰ অন্তকাৰী।
নমো বাসুদেৱ নমো ৰাম হলধাৰী॥
প্ৰণামো প্ৰদ্যুম্ন প্ৰভু তুমি অনিৰুদ্ধ।
দানৱমোহন তুমি অৱতাৰ বুদ্ধ॥
ম্লেছ উচ্ছাদক তুমি কল্কি অৱতাৰ।
তোমাৰ চৰণে কোটি শত নমস্কাৰ॥
তোমাৰ মায়াত সৰ্ব্বলোক ভৈল ভ্ৰম।
কৰ্ম্মপথে ভ্ৰমি মৰে কৰে অহম্মম॥
মই মহা মূঢ়মতি একোয়ে নজানো।
স্বপ্ন সম পুত্ৰ ভাৰ্য্যা আকে সুখ মানো॥
স্বৰ্গ-সুখ নিত্য বুলি কৰো কৰ্ম্ম ঘোৰ।
জড় শৰীৰত অহং বুদ্ধি ভৈল মোৰ॥
দুঃখময় গৃহবাসে ভৈল সুখ চিত্ত।
কিনো অধমৰ মোৰ বুদ্ধি বিপৰীত॥
অজ্ঞান আন্ধাৰে বদ্ধ কৰিলে আমাক।
তুমি প্ৰিয় আত্মা নাথ নজানো তোমাক॥
তোমাক নপাই পুত্ৰ ভাৰ্য্যা বুলি মৰো।
গুচায়ো কুবুদ্ধি বন্ধু চৰণত ধৰো॥
জানিয়ো নোৱাৰো মই নিয়মিবে মন॥
তোমাৰ চৰণে আবে লৈলোহোঁ শৰণ॥
কৰিয়ো আপুনি প্ৰভু পাতকীৰ গতি।
তোমাৰ সে অনুগ্ৰহে হোৱে ইটো মতি॥
হৈব যি জন্মত ঘোৰ সংসাৰ নিস্তাৰ।
লৱে ভকতৰ সঙ্গ তেবেসে তোমাৰ॥