________________
৪৬২ অসমীয়া সাহিত্যৰ চানেকি। সৎসঙ্গত হবি লীলা শ্ৰৱণ কীৰ্ত্তনে। উপজয় যত মহা প্ৰেম তানুক্ষণে। প্ৰেমময় ভক্তি ইতো সাধুৰ সঙ্গত। সৰ্বদা উত্তম ভাব কি কৈবে। মহত॥ ইসব ভক্তিব শুনা সাধন সম্প্ৰতি। যাৰ আশ্ৰয়ত হোৱে কৃত ভকতি॥ অনুৰূপে স্বধৰ্ম্ম অৰ্পিব ঈশ্বৰত। হিংসা শূন্য পূজা কবিবেক প্ৰতিমাত। শ্ৰৱণ দৰ্শন স্পৰ্শ স্তুতি নমস্কাৰ। বিষয়ত বিৰকতি গুৰুসেৱা সাৰ। নিবৃত্তি শাস্ত্ৰত শ্ৰদ্ধা প্ৰীতি উত্তমত। সমানত মিত্ৰভাব দয়া দুঃখিত। হবিৰ মূৰ্ত্তিৰ ধ্যান শ্ৰৱণ কীৰ্ত্তন। সমস্তে ভূততে হৰি দৃষ্টি অনুক্ষণ। নিগুণ ভকতি হোৱে এহি সে সাধনে। যাক পায়। মেক্ষি কোন মানে ভক্ত জনে। শুনা তাৱে ভাগবতী ভক্তিৰ সাধন। যাক জন কৰিবাক লাগে অনুক্ষণ। গুৰু উপদেশ লৈয়া ভকতে সহিতে। সৰ্বেন্দ্ৰিয় হবিপদ সেবিবে সততে। বচনে লৈকে নাম কৰ্ণৰ শ্ৰৱণ। হস্তে গোবিন্দৰ গৃহ প্ৰতিমা সেৱন॥ জিহয়ে লৈবেক হৰি নৈবেদ্য দ্ৰব্যক। নাসায়ে লৈবেক হৰি নিৰ্মাল্য গন্ধক। হৰিৰ নিৰ্ম্মাল্যচয় শিৰে ধৰিবেক। সাদৰে চক্ষুৱে ভকতক চাহিবেক! মনে ৰূপ চিন্তিব অষ্টাঙ্গে নমস্কাৰ। ঈশ্বৰৰ অৰ্থে ধন আনিব সম্ভাৰ।