পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

সাত্বত তন্ত্ৰ। ৪৬১ হেন শুনি নয়ো তান চৰণত ধৰি। পুচিলো কাহাক কয়ে! ভক্ত বুলি হৰি। শুনি প্ৰীত হুয়া মোক বুলিল বচন। শুনিয়োক স্থিৰ কহো ভক্তৰ লক্ষণ। মোৰ ধ্যান নিষ্ঠ। মোতে মাত্ৰ প্ৰাণ যাৰ। মোৰ যশ শ্ৰৱণে উৎসুক তাসম্বাৰ। এহি সব ভক্তি জগতকে শুদ্ধ কৰে। তাসম্বতি ভক্তি ভেদ কৈব নিৰন্তৰে। তোমাৰো বাঢ়িবে ভক্তি কহিলে লোকত। আৰো এক বাক্য বোলো শুনিয়ে সাম্প্ৰত॥ যদি সাধাৰণে তযু বক্যে নিষ্ঠা হয়। সসাধনে ভক্তি তাতে। কৈব মহাশয়। এহি বুলি গৈলা প্ৰভু ভকত বৎসল। কহিবো তোমাত ভক্তি যোগক সকল। একে মাত্ৰ বিষ্ণু ভক্তি মহা সুমঙ্গল। প্ৰীতি বুলি কহে যাক ভকত সকল॥ নিগুণ তানন্ত যিতো আনন্দ উত্তম। আতি সুখ ৰূপ যাৰ নাহিকে উপম। কিন্তু জ্ঞান কৰ্ম্ম লীলা ভেদ তিনি হয়। নামত নিগুণ ভাগৱতী প্ৰেমময়। তিনিয়ো গুণক শুনা সাধনে যুগুত। জ্ঞানময় নিৰ্ণকে শুনিয়ে প্ৰস্তুত। সব অন্তৰ্যামীতে অখণ্ড মনোগতি। মিেক্ষতে অধিক এহি নিগুণ ভকতি। সকল ইন্দ্ৰিয়চয় জ্ঞান কৰ্ম্মময়। স্বাভাবিক ৰূপে যদি বিষ্ণুতে ৰময়। ভাগৱতী ভক্তি আকে বুলি কৰ্ম্মময়। পৰম পবিত্ৰ মুক্তি সুখক ভয়।