তথাপি তোমাৰ ৰূপ নজানয় কেৱ।
ইটো জড় জগত চৈতন্য তুমি দেৱ॥
ব্ৰক্ষাকো কৰিলা বন্দী মায়াৰ গুণত।
নিৰ্গুণ ৰূপক আবে জানিব কিমত॥
যত বস্তু একোৱে নজানে আপোনাক।
জীৱ জড়কেসে জানে নজানে আত্মাক॥
তোমাকেসে বোলে জ্ঞানি-ব্ৰহ্ম নিৰন্ধুশ।
সাংখ্য মতে বোলে তুমি প্ৰকৃতি পুৰুষ॥
ভকতৰ মতে তুমি পৰম ঈশ্বৰ।
মতি ভেদে তোমাকেসে পূজে নিৰন্তৰ॥
ইন্দ্ৰ চন্দ্ৰ বায়ু বুলি পূজে যত দেৱ।
তাৰ অন্তৰ্য্যামী তুমি বিনে নাহি কেৱ॥
সৰ্ব্বদেৱময় তুমি বচন নলড়ে।
যেন যত নদী মানে সাগৰত পড়ে॥
প্ৰণামো তোমাক কৃষ্ণ তুমি নিত্য জ্ঞান।
সমস্তৰে আত্মা তুমি সাক্ষী সৰ্ব্বজান॥
যত সুৰাসুৰ নৰ স্থাবৰ জগত।
প্ৰৱৰ্ত্তয় তোমাৰেসে মায়াৰ পথত॥
স্বৰ্গ ভৈল শিৰ দিশ বিদিশ শ্ৰৱণ।
সূৰ্য্য যাৰ চক্ষু ভৈল মুখ হুতাশন॥
মেঘ ভৈল কেশ কুক্ষি সপত সাগৰ।
ভৈল যাৰ বাহু দিগপাল পুৰন্দৰ॥
লোম ভৈল বৃক্ষচয় বায়ু পঞ্চ প্ৰাণ।
পৰ্ব্বত সমস্ত অস্থি যাহাৰ নিৰ্ম্মাণ॥
ৰাত্ৰি দিনে নিমেষ প্ৰজেশ জল দ্বাৰ।
বৃষ্টি-জল ভৈল বীৰ্য্য বিৰাট তোমাৰ॥
লোক সব অসংখ্য ব্ৰহ্মাণ্ড কোটি কোটি।
ফুৰে প্ৰভু তোমাৰ লোমৰ গুড়ি গুড়ি॥
ডম্বৰু ফলৰ ভিতৰৰ যেন মশ।
এতেকে নজানে ৰূপ সন্তে গাৱে যশ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
অসমীয়া সাহিত্যৰ চানেকি।