________________
যুনুচা। ৪৪9 তোমাক যাইবাক দ্বাৰ দিলে লক্ষনী মাৱ। শুনি বলভদ্ৰ ভৈল আনন্দিত ভাৱ॥ তাৱক্ষণে বলভদ্ৰ গৈল অভ্যন্তৰে। থাকিলন্ত বলভদ্ৰ পোনাৰ ঘৰে। বলভদ্ৰ কথা আবে এহিমানে থওঁ। শুনা অতি পৰে কথা যেন ঠান কওঁ। . অনন্তবে মনে বিমৰিষি যদুবাই! পুনৰপি পৰিচাক দিলন্ত পঠাই। শীব্ৰবেগে পাণ্ডা গৈয়া হুয়া অবনত। কৰপুট কৰি কহে লক্ষীৰ আগত। লক্ষীকেসে দিয়া গৈলোঁ যত ধন বিত্ত। তথাপিতো মোক কোপ কৰে বিপৰীত। দিন বেলা গৈল ভৈল সূৰ্য্য অবসান। ক্ষুধায়ে তৃষায়ে মোৰ যেন ফুটে প্ৰাণ। দ্বাৰ ছাৰি দিয়োক লক্ষনী নকৰি আক্ৰোশ। ইবাৰ জানিবা সবে মোৰ ভৈল দোষ। আৰু গৃহ ছড়ি মই নযওঁ নওঁ। শুনিয়ে পৰিচা এবে কথা এক কও। এহিবাৰ কথা যদি সত্য নাপাই মোৰ। আৰু বাৰ গৈলে মোক নেদিবে দুৱাৰ।" এহি মতে পৰিচাক দিলন্ত পঠাই। দ্বাৰ ছাড়ি প্ৰভুক দিয়োক লক্ষী আই। হেন শুনি লক্ষনী মাৱে বুলিলা বচন। যাদৱায়ে মোক ৱে দিয়া গৈল ধন। মুখত মধুৰ তান কপট হৃদয়। বচনেক কৈলে মুখে ধন নাহি হয়। চৈত্ৰ মাসে তান ভাই গোবিন্দ ঠাকুৰ। পুষ্প চোৰ পৰি গৈল মালিয়াৰ ঘৰ। ৫ ৭