সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
দশম স্কন্ধ।

আছন্ত উপাসি, প্ৰহলাদ নাৰদ,
 প্ৰমুখো ভকতচয়।
হেন দিব্যৰূপ, দেখি অক্ৰুৰৰ,
 মিলিল মহা বিস্ময়॥
আমাঠেৰ কৃষ্ণ, এন্তে মহেশ্বৰ,
 আহানে হেন স্বভাৱ।
এহি বুলি বীৰে, আতি প্ৰীতি পাই,
 সিহৰাইল সৰ্ব্ব গাৱ॥
প্ৰেম উপজিল, হৃদয় দ্ৰৱিল,
 ধাৰায় লোতক ঝৰে।
কৃষ্ণৰ আগতে, পড়ি দগুৱতে,
 আছিলা পাছে অক্ৰূৰে॥
কৰি ধৈৰ্য্য চিত্ত, পড়ি পৃথিবীত,
 পাৱে প্ৰণামিলা মাথে।
কৰযোড়ে স্তুতি, বুলিবে লাগিলা,
 পাছে গদগদ মাতে॥
শুনা সৰ্ব্বজন, এড়া আন মন,
 কৃষ্ণৰ চৰিত্ৰ শুনি।
হিয়ে ৰূপ ধৰি, বোলা হৰি হৰি,
 তৰিবা তেবে আপুনি॥


অক্ৰূৰ কৰ্ত্তৃক ভগৱন্তৰ স্তুতি।

কৰন্ত অক্ৰূৰে স্তুতি গদ গদ বাক।
হে কৃষ্ণ কৃষ্ণ মই প্ৰণামো তোমাক॥
জানিলো জগত হেতু তুমি নাৰায়ণ।
যাৰ নাভি পদ্মে ভৈলা ব্ৰহ্মা উতপন্ন॥
যত পঞ্চ ভূত দেব ইন্দ্ৰিয় প্ৰখ্যাত।
তোমাৰ মূৰ্ত্তিত হন্তে সব ভৈল জাত॥