সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
অসমীয়া সাহিত্যৰ চানেকি।

চাৰু চতুৰ্ভুজ, আজানুলম্বিত,
 কঙ্কণ কেয়ূৰ জ্বলে।
শঙ্খ চক্ৰ গদা পঙ্কজ হাতত,
 দিব্য বনমালা গলে॥
কম্মু-কণ্ঠ শোভে,   কৌস্তুভ সুবৰ্ণে,
 ৰচিত ৰত্নৰ হাৰ।
শ্ৰীবৎস লক্ষ্মীৰ, ছটা উৰস্থলে,
 মালা গজ মুকুতাৰ॥
তিনি ৰেখা সমে, শোভিত উদৰ,
 অশ্বথ পত্ৰ আলয়।
কান্ধে নৱ গুণ, সুগভীৰ নাভি,
  কোটি কাঞ্চি ৰত্নময়॥
কুড়ি আঙ্গুলীত, ৰত্নে বিৰচিত,
 সোণাৰ ঝাপ আঙ্গুঠী।
চাৰু উৰু জানু, জঙ্ঘা যুগলক,
 দেখন্তে পৰম তুষ্টি॥
পদ পঙ্কজৰ, পাসি যেন ভৈল
 চাৰু আঙ্গুলীৰ পান্তি।
ৰত্নৰ উঝণ্টি, আতি প্ৰকাশিত,
 অৰুণ নখৰ কান্তি॥
ৰত্নৰ নূপুৰ, ঝুৰে তাতে আতি,
 আৰকত পদতল।
ধ্বজ বজ্ৰ যব, পঙ্কজ অঙ্কুশ,
 প্ৰকাশে চিহ্ন সকল॥
সুনন্দ প্ৰমুখ্যে, যত পাৰিষদ,
 ব্ৰহ্মা আদি যত দেৱ।
সুনন্দ প্ৰমুখ্যে, যত ব্ৰহ্ম, ঋষি,
 পড়ি পড়ি কৰে সেৱ॥