পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২৫
ঊষাৰ বিবাহ।

বুলিস মোহোৰ সম বীৰ কোথা আছে।
মোৰ বাণে আপনে জানিবি হৰি পাছে॥
হৰৰ বচন শুনি হাসি নাৰায়ণ।
বুঢ়া বয়সত কেনে বুদ্ধি ভৈলা ছন্ন॥

তোহ্মাৰ আমাৰ কিছু নাহি বোল চাল।
কেহ্নে অকাৰণে হৰ পাৰহ পাচাল॥
সকল দানৱে মোক ৰাতি দিনে ঘাসে।
বাণাসুৰে নাতিক বান্ধিল নাগপাশে॥

তাহাৰ উদ্ধাৰ কাজে মই আইলোঁ ৰণে।
তুমি কি কাৰণে দন্দ কৰা মোৰ সনে॥
হৰ বোলে হৰি বোঝ আপোনাৰ চিতে।
বাণাসুৰ তোহোক ঘানিল কেন মতে॥

অনিৰুদ্ধে অকাজ কৰিল যেন মনে।
পৃথিবীত হেন কাজ কৰে কোন জনে॥
যেবে নাহি শুন কথা শাস্ত্ৰ বেৱহাৰ।
প্ৰথমে বুলিব গিয়া বাপক কন্যাৰ॥

পিতৃ দতা কন্যা হেন কহে সৰ্ব্বজনে।
বৰ্ব্বৰ যাদৱ সব আমি জানি মনে॥
ধৰ্ম্ম এড়িল বুলি দানৱ ৰাজাক।
গাৱেৰ গৰবে গিয়া হৰিল উষাক॥

পথ এৰি যে জনা বিপথে কৰে গতি।
তাক সংহাৰিব হেন শাস্ত্ৰৰ যুগুতি॥
উচিত বান্ধিল বাণাসুৰে তোৰ নাতি।
তাত কেনে যুজিবাক আইলে কোপ মতি॥

তই অকাৰণে সে কৰিতে আছ দন্দ।
শঙ্কৰ থাকিতে কি বাণেৰ আছে মন্দ॥
ষোড়শ সহস্ৰ গোপী তোহ্মাৰ ৰমণী।
পৰম কামুক তুমি ত্ৰিভুবনে জানি॥

৫৪