পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অসমীয়া সাহিত্যৰ চানেকি।

কবি পীতাম্বৰ দ্বিজ।

আত্ম পৰিচয়।

উষাৰ বিবাহ কথা পুণ্যময় আতি।
শুনিলে বাঞ্ছিত সিদ্ধি বাঢ়য় বিভূতি॥
বাঢ়ে পুত্ৰ পৰিয়াল নাশ কৰে দুঃখ।
শৰীৰ ছাৰিয়া গিয়া ভুঞ্জে স্বৰ্গ সুখ॥
হেন মধুময় কথা ব্ৰাহ্মণে কহিল।
পয়াৰ নিবন্ধে তাক ৰচনা কৰিল॥
পয়াৰ নিবন্ধে দোষ যতেক আছয়।
ক্ষমিবা সকলে হেৰা আহ্মাৰ বিনয়॥
কামতা নগৰে সুৰ পৰ অৱতাৰ।
এক মুখে গুণ গণ কে কহিবে তাৰ॥
পীতাম্বৰ নাম কবি শিশু মতি অতি।
উষা পৰিণয় লাস কথা ৰস ৰতি॥
বাণ যুত বাণ বেদ শশাঙ্ক সময়।
বৈশাখৰ সিত পক্ষত শুভ সময়॥
সৰ্ব্ব সিদ্ধি যোগ আৰ শুভ গুৰুবাৰ।
কহে পীতাম্বৰ উষা বিবাহ পয়াৰ॥