এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
অসমীয়া সাহিত্যৰ চানেকি।
জল মধ্যত অক্ৰূৰৰ ৰূপ দৰ্শন।
অনন্তৰে বাবে অক্ৰূৰে চাবুকে,
তাৰিল চাৰি ঘোড়াক।
বায়ুতো অধিক, বেগে যায় বগ,
উঝাবি পথ ধূলাক॥
হড়হড়ি কবি, ৰথ চক্ৰ চলে,
মেঘব যেন সম্বাদ।
গোৱাল সকলে, কৰে জয় কৃঞ্চ,
বুলিয়া আনন্দে নাদ
সমস্ত দিশৰ, পলায় অমঙ্গল,
শুনিয়া তাৰ শবদ।
পাছে কৃষ ৰাম, অক্ৰূৰ সহিতে,
পাইল কালিন্দীৰ হ্ৰদ॥
ৰথৰ নামিয়া, বাম কৃষ্ণ পীল,
জল যমুনাৰ পাছে।
বৃক্ষৰ ছায়াক, অনুসৰি দুয়ো
থাকিলা ৰথৰ কাছে॥
শত্ৰুক শঙ্কায়ে, অক্ৰূৰে দুইহাঙ্কো,
থৈলন্ত বথত তুলি।
নামিলা যমুনা জলে দানপতি,
মই সন্ধ্যা কৰোঁ বুলি॥
বিধিমতে স্নানি, নিমজ্জিলা জলে,
জপিলন্ত মন্ত্ৰ পাছে।
দেখে দানপতি, সেই ৰাম কৃষ্ণ,
দুভাইয়ো অহিতে আছে॥
জানো তৈত ৰথে, নাহিকন্ত বুলি,
জলৰ উঠি সত্বৰে।
পুৰ্ব্বৱতে বসি, আছন্ত দোভাইয়ে,
দেখন্ত ৰথ ওপৰে॥