পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

ভাগৱত। ৪১৯ পাছে তানিৰুদ্ধ কুমাৰক আনি উষা সতী সমন্বিতে। দিব্য বথে তুলি কৃষ্ণৰ আগত দিল। আনি তালতে। ঝীউৰ লগত | অনেক যৌতুক দিল। মনোৰথ পুৰি। শঙ্কৰৰ প্ৰীতি সাধি যদুপতি চলি গৈল যাত্ৰা কৰি। সংখ্যাত সৈন্য দশোদিশ ঘুড়ি | বৰ কন্যা আগ কৰি।। অনেক মঙ্গলে | মহা কৌতুহলে পাইল যাই নিজ পুৰী। সিতো ৰাজধানী ত্ৰৈলোক্য মোহিনী কৃষ্ণৰ দ্বাৰকা পুৰী। কদলী তোৰণ ধ্বজ সুশোভন পুতি আছে সাৰি সাৰি।। ৰাজপথ যত চোতাল পধূলি --- ভূষিত অতি বিশেষ। কৃষ্ণ আইসে শুনি-------- “সকল নগৰী মিলিল ৰঙ্গ অশেষ। ব্ৰাহ্মণ সজ্জন বন্ধুগণ যাই আনিলন্ত আগবাঢ়ি। অসংখ্য দুন্দুভি | বাৱে ঢাক ঢোল | গাৱে সুমধুৰ খেড়ি। সবন্ধু বান্ধৱে | শিৱক জিনিয়া | নাতিক আনিল হৰি। কৃষ্ণক অনেক প্ৰশংসা কৰয় নিৰন্তৰে নৰনাৰী।