পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

৪১৮ অসমীয়া সাহিত্যৰ চানেকি। শিৱৰ বচন। শুনি নাৰায়ণ | বুলিলা মধুব বাণী। তযু মন প্ৰীতি সাধিবে। সম্প্ৰতি | বুলিলা যেন আপুনি॥ শুনিও শঙ্কব | তোৰ কিঙ্কৰ জানিলো আতি বিদিত। ভকতৰ অৰ্থে যতেক বুলিলা সকলে সাধু উচিত। মোহোৰ অবধ্য। ইতো বাণাস্তব জানিবাহ। ত্ৰিনয়ব। বলিক নিৰ্ভয়। কৰি আছে। আগে নকৰিবো বংশ ছন্ন। তোমাৰ বচন। সৱাতো অধিক | এতেকে প্ৰাণ বাখিলো। প্ৰতাপক চূৰ কৰিবাক প্ৰতি অনেক বাহু ছেদিলো | বহুতৰ সৈন্য | বধিলো ইহাৰ | পৃথিবীৰ যাতে৷ ভাৰ। তোমাৰ কৃপায়ে | চাৰিখন হাত থাকোক আৱে ইহাৰ॥ অজৰ অমৰ | হৌক বাণাসুৰ | দিলো আৱে মই বৰ। মুখ্য পাৰিষদ | হওক তোমাৰ কাহতো নহৌক ডৰ। হেনয় নিৰ্ভয় বৰক লভিয়া বাণাসুৰ মহাৰীৰ। দণ্ডৱতে পৰি কৃষ্ণক নমিল পৃথিৱীত দিয়া শিৰ।