পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১২
অসমীয়া সাহিত্যৰ চানেকি।

যে ব্ৰহ্মা সেহি তুমি বেদেসে প্ৰমাণ।
সৰ্ব্ব ক্ৰিয়া বহিত কহিতো নাহি আন॥
সুবেশ সুবস্তু যত আছে সংসাৰত।
আমি তাৰ প্ৰভু হেন মানোহো মনত॥
সৱাতে উদিত তুমি দেৱ নিৰঞ্জন।
তোমাতে প্ৰস্তুত কৰিবেক কোন জন॥
তুমিসে সৱাবে প্ৰভু কৰো নমস্কাৰ৷
শৰণে পশিলো প্ৰাণ ৰাখিও আমাৰ॥
তোমাত অপৰ ৰক্ষাস্থান নাহি আন।
ত্ৰাহি ত্ৰাহি মহা কৃষ্ণ কৰা পৰিত্ৰাণ॥
কাল কৰ্ম্ম দেৱ দ্বিজ আৰু সংস্কাৰ।
তন্মাত্ৰা প্ৰকৃতি সমে প্ৰাণ অহঙ্কাৰ॥
পঞ্চ মহাভূত ইন্দ্ৰিগণ নিৰন্তৰ।
ইহাৰ সঙ্গতি যাক বুলি কলেৱৰ॥
আৰ বীজ অঙ্কুৰ কৰ্ম্মেসে তাৰ তনু।
এহি মতে কাৰ্য্য বীজ হৱে পুনঃ পুনু॥
এহি তযু মায়া আৰু তুমিসে নিস্তাৰ।
পশিলো শৰণে দোষ ক্ষমিয়ো আমাৰ॥
যদি বোলা দৈৱকীৰ পুত্ৰ মই হৰি।
মোৰ হেন মহিমা হৈবেক কেন কৰি?
নুহিকে কাহাৰো পুত্ৰ জানা সাৰে সাৰ।
ভূমি-ভাব সংহাৰিতে ইতো অৱতাৰ॥
বাৰে বাৰে লীলা কৰি ইতো তনু ধৰি।
জগতৰে ধৰ্ম্ম সেতু ৰাখা তুমি হৰি॥
হিংসায়ে প্ৰৱৰ্ত্তে যিতো দুষ্ট দৈত্যগণ।
তাক মাৰি ৰক্ষা কৰা দেৱ সাধুজন॥
ভকতৰ কাৰ্য্যেসে তোমাৰ অৱতাৰ।
নাম কৰ্ম্ম শুনি লোকে তৰয় সংসাৰ॥
নজানি সে তোমাক আসিলো মই ধাই।
হেন জানি মোক কৃপা কৰা কৃপাময়॥