পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
দশম স্কন্ধ ৷

সদয় নয়নে চাই সবাকে নিৰীক্ষি।
জুবাইল কিঞ্চিত চিত্ত কৃষ্ণ মুখ দেখি॥
উৰ্দ্ধমুখে চাই সবে আছে বিদ্যমান।
কিবা পাও প্ৰিয় মাধৱৰ সমিধান॥
প্ৰাণনাথে বুলিবন্ত আমাক আশ্বাস।
থিয় দিয়া আছে গোপীচয় চাৰি পাশ॥
ভকতৰ শোকে কৃষ্ণ আকুল একান্ত।
দূতবাক্যে সবাৰো কৰাইলা চিত্ত শান্ত॥
তুমি সব সম প্ৰিয়তম 'নাই আন।
তোমাসাৰ দুঃখ দেখি নসহয় প্ৰাণ॥
আসিবো অচিৰ কালে চাই মল্ল-খেড়ি।
যাওক পালটি সখীসব মোক এড়ি॥
বচন অমৃতে গোপীগণ ভৈলা সুস্থ।
নিৰীক্ষি থাকিলা প্ৰাণ গোপালৰ ৰথ॥
পাছে শুভক্ষণে যাত্ৰা কৰিলা মাধৱ।
কৰে কৃষ্ণ-গুণ গায়া গোৱালে উৎসৱ॥
বাৱে বীণা বেণু শঙ্খ শিঙ্গাৰ নিশান।
কংস বধিবাক কৃষ্ণ কৰিলা পয়ান॥
আতি চমৎকাৰে চলি যান্ত জগন্নাথ।
চাই আছে গোপী নিৰন্তৰে তুলি মাথ॥
কৃষ্ণ লগে যায় সমস্তৰে চিত্ত চলি।
ৰহিয়াছে সবে যেন কাষ্ঠৰ পুত্তলী॥
ধ্বজ দণ্ড ৰথ ধূলি দেখিলেক মানে।
আছিলেক চাই আউৰ নহয় প্ৰাণে॥
নিবৰ্তিল হুয়া পাছে কৃষ্ণত নৈৰাশ।
হা কৃষ্ণ বুলি আতি ফোকাৰে নিশ্বাস॥
গোবিন্দৰ গাৱে গুণ হুয়া শোকহীন।
কৃষ্ণৰ চৰণ মাত্ৰ চিন্তি বঞ্চে দিন॥
তৰিলেক গোপীসবে সংসাৰ সাক্ষাত।
বোলা হৰি হৰি পাপে পৰোক বিঘাত॥