নামত কোটৰী তাই চিন্তিল মনত।
মাধৱৰ হাতে হেৰা পুত্ৰ হৱে হত।
পুত্ৰপ্ৰাণ ৰক্ষা কৰিবাক এক মনে।
পুত্ৰস্নেহে লাজকাজ এড়ি তাৱক্ষণে॥
ভৈলেক লাঙ্গত চুল মেলি আউল বাউল।
কৃষ্ণৰ আগত গৈয়া ৰহিল নিশ্চল।
নগ্ন নাৰী দেখি হৰি অধোমুখ হুয়া।
যুদ্ধ এড়ি বহিলন্ত আন ভিতি চায়া॥
সেহি বেলা বাণাসুৰে ভয়ে ছেগ চাই।
লৱড়িয়া নগৰত পশিলেক যাই॥
শঙ্কৰৰো ভূতগণ সকলে পলাইল।
কেৱল ত্ৰিশিৰা জ্বৰে মাধৱক ধাইল॥
অনন্তৰে নাৰায়ণে আছে তাক দেখি।
হানিল বৈষ্ণৱ জ্বৰ খানিকো নাপেক্ষি॥
দুই জ্বৰে খেদি গৈয়া দুয়ো দুইক পাই।
কৰিল দুৰ্ঘোৰ ৰণ কথন নযায়॥
বৈষ্ণৱ জ্বৰৰ বল অতি গুৰুতৰ।
মহেশৰ জ্বৰক পীড়িল নিৰন্তৰ॥
জানিয়া ত্ৰিশিৰা বিষ্ণু-জ্বৰে লৱে প্ৰাণ।
চিন্তিয়া নপাইল সিতো অভয়ৰ স্থান॥
কৃষ্ণত শৰণ লৈল মহা ভয় মনে।
কৃতাঞ্জলি কৰি তুতি বুলিল বচনে॥
আপোনাতে ভিন্ন হন মাধৱক মানি।
কৃষ্ণক মাৰিতে আগে ধাইলেক আপুনি॥
পাছে কৃষ্ণ তেজে সন্তাপিত হুয়া অতি।
পৰম ঈশ্বৰ হেন জানি কৰে স্তুতি॥
ত্ৰিশিৰা বদতি কৃষ্ণ প্ৰণামো তোমাক।
অনন্ত শকতি মহেশ্বৰ বুলি যাক॥
সমস্তৰে জীৱন কেৱলে জ্ঞান মন।
জগতৰ সৃষ্টি-স্থিতি-সংহাৰ কাৰণ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪০৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১১
ভাগৱত।