পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪০৭
ভাগৱত।

এই শুনি সৱে ক্ৰোধে জ্বলি গৈল
  যদুবংশ বীৰচয়।
কৃষ্ণসে দেৱতা ভৈলন্ত যাহাৰ
 তাৰ আছে কাক ভয়॥
কৃষ্ণ ৰাম কাম শাম্ব শাৰণ
  সাত্যকি গদ প্ৰমুখ্যে।
শোণিত পুৰত বাণক ষঝিত
 চলি গৈল জাকে জাকে॥
ৰাম মাধৱৰ যত অনুচৰ
 মহাবীগণ মানে।
নন্দ উপানন্দ ভদ্ৰ আদি কৰি
 চলিল যুদ্ধক থানে॥
বাৰ অক্ষৌহিণী সেনায়ে সহিতে
 সাজি গজ বাজী ৰথে।
দশো দিশ ঘুড়ি বাণৰ নগৰী
 বেঢ়িলন্ত জগন্নাথে॥
ভাঙ্গি সিংহদ্বাৰ গড়ৰ প্ৰাকাৰ
 উপবন কৰে ছন্ন।
দেখি ক্ৰোধে বাণ  তুল্য সেনা সাজি
 বাজ ভৈল তেতিক্ষণ॥
বাণৰ সপক্ষ হুয়! মহেশ্বৰ
 পুত্ৰ ভৃত্য সমন্বিত।
ৰাম মাধৱক সাজিলা যুদ্ধক
 ভকতৰ চিন্তি হিত॥
বৃষভত উঠি বেগে দিল ছুটি
 ভূতগণে যায় বেড়ি।
পাইল যাই লাগ  ভৈলা সাতো আগ
 সবান্ধৱে সাজি পাৰি॥