পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪০৬
অসমীয়া সাহিত্যৰ চানেকি।

ত্যজিল ভূষণ দেৱাঙ্গ বসন
 নুভুঞ্জন্ত অন্ন পান।
হা স্বামী বুলি ফুকন্তে কান্দন
 শোকে দহে মৰ্ম্মস্থান।
কেনে কুলক্ষণী মই অভাগিনী
 জীও আবে কোন লাজে?
স্বামীৰ বন্ধন দুঃখ দেখি হেন
  নমৰো কমন কাজে?
ঊষাৰ সন্তাপ কহিতে নপাৰি
  স্বামীৰ অপাৰ বেথা।
আছোক এখন শুনিয়োক যেন
  ভৈল দ্বাৰকাৰ কথা॥
কুমাৰক হৰি  আনিলে যৈসানি
 চিত্ৰলেখি মায়াৱতী।
নেদেখি তাহাঙ্ক সবন্ধু বান্ধৱ
  সন্তাপ লভিল অতি॥
কোনে হৰি নিলে  নিৰ্ণয় নজানি
 কাহাৰো সুখ নভৈল।
হা অনিৰুদ্ধ বোলন্তে বাৰিষা
 চাৰি মাস বহি গৈল॥
পাছে নাৰদত শুনিলেক বাৰ্ত্তা
  চিত্ৰলেখা নিলে হৰি।
শোণিত পূৰত বাণৰ নান্দনী
  আছে ঊষা বৰনাৰী॥
তেহো সমন্বিত অন্তেসপুৰত
  বাণে দেখিলেক যাই।
সেনা বধিবাৰ   দেখি নাগ পাশে
  বান্ধি থৈল সেহি ঠাই॥