পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪০৫
ভাগৱত।

মহা বীৰগণে অস্ত্ৰ শস্ত্ৰ ধৰি
 বেঢ়ি আসি ভৈল বাণ।
দেখি অনিৰুদ্ধে অতি মহা ক্ৰোধে
 জ্বলিল বহ্লি সমান॥
বজ্ৰ লোহাৰ পৰিঘ উঠাই
 হাস্ফুটিয়া তেতিক্ষণে।
যেন শূল ধৰি যম ভৈল থিয়
 প্ৰজা সংহৰিবে মনে॥
হেন দেখি সৱে  বাণ নৃপতিৰ
 কটক গৈল কিটাই।
ধৰ মাৰ বুলি  খাণ্ডা লৈল তুলি
 ধৰিবাক খেদি যায়॥
একেশ্বৰে বীৰে কামৰ কুমাৰে
 দুই হাতে পৰিঘ ধৰি।
কুকুৰগণক প্ৰচণ্ড বৰাহে
 যুজে যেন দান্ত তৰি॥
সেহিমতে বীৰে সৱাকো তাৰিলে
  ঘোৰ পৰিঘৰ বাড়ি।
উৰু শিৰ বাহু ভাগিল গ্ৰীৱাৰ
  ওলাই পলাইল জাৰি॥
আপোন সৈন্যক মাৰিবাৰ দেখি
  কোপে বাণ জ্বলি গৈল।
মহা বলী জানি নাগ পাশ হানি
  কুমাৰক বান্ধি থৈল॥
স্বামীৰ বন্ধন শুনিয়া ক্ৰন্দন
 কৰন্ত ঊষা সুন্দৰী।
ভৈলন্ত বিহ্বল  নয়নৰ জল
 পড়ে অতি সৰসৰি॥