পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০৩
ভাগৱত।

নিশ্চয়ে জানিলো ঊষা ভৈল যেন হাসি।
নৃপতিক ভয়ে সৱে গৈলেক তৰাসি॥
নকহিলে আমাক কাটিবে ৰাজা বাণ।
এহি গুণি সবে তেতিক্ষণে দিলা জান॥
শুনিয়োক ৰাজা কথা তযু দুহিতাৰ৷
লক্ষিলোহো ঊষা ভৈল কুল খিলিঙ্কাৰ॥
কোন বা পুৰুষ আনি আছে তান ঠাৱে।
শৃঙ্গাৰৰ ছটাচয় দেখি মৰ্ম্ম গাৱে॥
অন্তসপুৰত থাকে তোমাৰ কুমাৰী।
গড় বাজে আমি সৱে থাকো ৰক্ষা কৰি॥
ক্ষণেকো নযাও ছাড়ি থাকোহো সততে।
নজানো পুৰুষ আসি পড়িল কিমতে॥
পুৰুষ দেখিতে তাক নপাৱে কেৱলে।
তাতে আসি কিমতে পশিল মায়া বলে॥
ভালমতে লক্ষি আক কহিলোহো আমি।
হেন জানি যেন জুৱাই কৰিয়োক তুমি॥
এহি কথা শুনিয়া ব্যথিত ভৈল বাণ।
মহা লাজে কিছু নিদিলেক সমিধান॥
ঝীউৰ দোষণ শুনি ক্ৰোধে মত্ত ভৈল।
মহাবেগে অন্তসপুৰক চলি গৈল॥
শুনা সভাসদ অনিৰুদ্ধ নিৰোধন।
নাৰীৰ নিমিত্তে সুখে আছে কোন জন॥
নাৰীৰ সঙ্গক যিতো কৰে অভিলাষ।
জানিবা আপুনি সিতো ভৈল সৰ্ব্বনাশ॥
আন ধন জন সঙ্গ নকৰাৱে দূৰ।
স্ত্ৰী সঙ্গী সঙ্গে যেন কৰে মষিমূৰ॥
দুৰ্গতিৰ মন্দিৰ জানিবা নাৰী সঙ্গ।
হেন জানি ত্যজিও ইহাৰ যত ৰঙ্গ॥
জানা স্বৰূপত ইতো নুহিকে শাশ্বত।
সুখভোগ ধন জন দেখা শুনা যত॥