পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০২
অসমীয়া সাহিত্যৰ চানেকি।

ঊষাৰ ক্ৰীয়াক অতি চিত্ত গৈল লীন।
নজানন্ত মনে এথা আছো কত দিন॥
ঊষাৰে সহিতে কতো থাকে পাশা খেলি।
কোলে কৰি আঙ্কোৱালি থাকে কতো বেলি॥
ঊষাক মাতন্ত কতো আইস আইস বুলি।
দেখি সখীগণ বেঢ়ি হাসে খল খলি॥
নাহি লাজকাজ সৱে ত্যজিলন্ত ভয়।
শৃঙ্গাৰত ভোল ভৈল কামৰ তনয়॥
উষায়ে হৰিল চিত্ত মনত নভৈল।
এহিমতে অনেক দিৱস বহি গৈল॥
ঊষাৰ গুচিল পূৰ্ব্বৱত লাজ ভাৱ।
শৃঙ্গাৰৰ চিহ্নে সৱে উজ্জ্বলিত গাৱ॥
ৰাখিবাক বীৰগণ দিয়া আছে বাণে।
ঊষাক দেখিলে সৱে চাহে একমনে॥
এদিনত কৰি শত ভাগ ৰঙ্গমনে।
হাস লাস বেশ কৰি পুৰুষ শোভনে॥
ছেগ চাই বাজ হুই হাসি মুচুকাই।
ঘনেঘনে অন্তসপুৰক চলি যাই॥
ঘন স্তন নখে ক্ষত ওঠে দন্ত ঘাৱ।
চুম্বনৰ ছটাচয় জ্বলে ঠাৱেঠাৱে॥
শিথিল মেখলা চিঙি লুলে সাতসৰি।
নিত্যে সখীগণ হাতে গন্থাৱে সুন্দৰী॥
কঙ্কণ নূপুৰ মণি থৈল সোলোকাই।
ঘৰ্ম্মজলে কুচৰ কুঙ্কুম বহি যায়॥
মুকুতা কাঞ্চলি ফাটি আছে ঠাই ঠাই।
সঘনে খসাই খোপা লোটায় মধাই॥
এহিমতে শৃঙ্গাৰৰ লক্ষণ যতেক।
নপাৰন্ত একোমতে ঊষা ঢাকিবাক॥
বস্ত্ৰে গাৱ ঢাকি যেবে ফুৰন্ত সুন্দৰী।
তথাপি লভিল বীৰগণে হেতু কৰি॥