অন্যোঅন্যে বোলে কতো মহা সাস কৰি।
আমা সবে মিলি ৰাখো মাধৱক ধৰি॥
কিনো কৰিবেক নন্দ আদি গোপচয়।
কৃষ্ণ বিনে দৈৱে মৰো আউৰ কিবা ভয়॥
দেখি হাস্য কটাক্ষ কৰন্তে ৰাসকেলি।
ক্ষণ প্ৰায় নিলোঁ ৰাত্ৰি আমি গোপী মিলি॥
হেন প্ৰাণ কৃষ্ণৰ নেদেখি আবে মুখ।
কি মতে তৰিবোঁ ঘোৰ বিৰহৰ দুখ॥
গোধূলি আসন্ত যিটো হাসি বংশী বাই।
গোৰজে বঞ্চিত মুখ অলকে সুহাই॥
আমাৰ হৰন্ত চিত্ত কটাক্ষ নিৰীক্ষি।
জীবো কোনমতে সিটো কৃষ্ণক নেদেখি॥
এতেক বোলন্ত সবে আকুল বিৰহে।
কৃষ্ণৰ বিয়োগ বহ্নি শৰীৰক দহে॥
এড়িলেক লাজ আতি যত গোপনাৰী।
গোবিন্দ মাধৱ বুলি কান্দে গেড়ি পাড়ি॥
ধাৰায় বহৱে নয়নৰ নীৰ ঝৰি।
কুল শীল ধৈৰ্য ত্যজি সমস্ত সুন্দৰী॥
পৰম বিহ্বল হুয়া মহা প্ৰেম ভাৱে।
কৃষ্ণ কৃষ্ণ বুলি আতি কান্দে দীৰ্ঘ ৰাৱে॥
এহিমতে কৰন্ত বিলাপ বিপৰীত।
অক্ৰুৰো চড়িলা ৰথে কৰি নিত্যকৃত্য॥
নন্দ আদি গোপগণো শকটত চড়ি।
পৰম আটোপে চলে জয় কৃষ্ণ বড়ি॥
সমান বয়স সব গোপৰ কুমাৰ॥
বস্ত্ৰ অলঙ্কাৰে আতি হুয়া ঝাতিস্কাৰ॥
ৰথৰ দুই পাশে আসি ধৰিল যোগান।
কান্দে মকমকি গোপী ফুটে যেন প্ৰাণ॥
ভকতৰ বান্ধৱ মাধৱে দেখি দুঃখ।
ৰথেতে পালটি ভৈলা গোপীক সমুখ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪০
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
অসমীয়া সাহিত্যৰ চানেকি