দিব্য পঞ্চামৃতে সতী কৰাইলা ভোজন।
দিলা নানাবিধ মধুপান উপায়ন॥
কপূৰ্ৰ তাম্বুল সাজি দিল ঘনেঘনে।
মাতন্ত শুশ্ৰূষা কৰি মধুৰ বচনে॥
ত্ৰৈলোক্যমোহন তুমি গোৱিন্দৰ নাতি।
স্বপনত তুমি সমে কৰিলো সুৰতি॥
তোমাক নেদেখি জাগি মৰিতে চাহিলো।
চিত্ৰলেখা সখীৰ কাৰণে মই জীলো॥
তোমাকে যে চাহন্তে দাসীৰ নোহো যোগ্য৷
তথাপি অনাইলো প্ৰভু প্ৰাণৰ উদ্যোগ॥
ই দোষ ক্ষমিও মোক লৈয়ো দাসী কৰি।
তোমাকে সে চিন্তি মই আছো প্ৰাণ ধৰি॥
বুলিলন্ত ঊষা আৰু অনেক কাকুতি।
সংক্ষেপ পদত কত কহিবো সম্প্ৰতি॥
এহি মতে কুমাৰক অৰ্চ্চি বৰ বালা।
আপুনি বৰিলা শিৰে দিয়া পুষ্পমালা॥
প্ৰণামিলা জানু পাৰি স্বামী ভৈলা বুলি।
অনিৰুদ্ধে আশ্বাসি ধৰিলা হাত মেলি॥
কোলাত বৈসায়া মুখে দিলন্ত চুম্বন।
শুনা প্ৰাণেশ্বৰী ঊষা ভৈলো ৰঙ্গমন॥
তোমাৰ ভকতি বশ্য কৰিলে আমাক।
কোন মতে তোক ত্যজি যাইবো দ্বাৰকাক?
এহি মতে ভৈল দুয়ো গন্ধৰ্ব্ব বিবাহ।
চিত্ৰলেখি সখী যত সবাৰে উৎসাহ॥
দুঃখেও দেখিতে নপাৱয় একোজনে।
হেন নিৰঞ্জন পুৰে থাকি কন্যাগণে॥
কৰন্ত সুৰতি ৰতি ঊষায়ে সহিত।
অভিনয় স্নেহ বাঢ়ি যায় নিত্যে নিত॥
গুঢ়ৰূপে থাকন্ত নোলান্ত আৱাসৰ।
মুহূৰ্ত্তেক নছড়ান্ত ঊষাৰ ওচৰ॥
৫১